Breaking

হোলী পাৰ্টিত নাচি নাচি চিগি গ’ল উৰ্বশী ৰাউটেলাৰ চেণ্ডেল…

0 107

উৰ্বশী ৰাউটেলাই হোলী খেলা কিছু ছবি আৰু ভিডিঅ’ শ্বেয়াৰ কৰে, কেৱল এয়াই নহয়, তেওঁৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে অন্য এক হাস্যকৰ কথা। বলীউডৰ সুপৰিচিত অভিনেত্ৰী উৰ্বশী ৰাউটেলা , যিগৰাকীক সুন্দৰী সকলৰ ভিতৰত অন্যতম বুলি কোৱা হয়।অভিনেত্ৰীগৰাকীৰ ব্যক্তিগত জীৱনৰ বিষয়েও চৰ্চা চলি থাকে মাজে মাজে। তেওঁৰ নাম প্ৰায়ে ঋষভ পন্তৰ লগত জড়িত হৈ থাকে। এইবাৰ হোলী পাৰ্টিত উৰ্বশী ৰাউটেলাক দেখা গ’ল অন্য এক ৰুপত।


হোলীৰ আনন্দত মতলীয়া সকলো। ইফালে বলীউডৰ তাৰকাসকলেও পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে হোলী উদযাপন কৰিছে।তেওঁলোকৰ ভিতৰত এগৰাকী উৰ্বশী ৰাউটেলাও, যি গৰাকীক এক সুন্দৰ ৰুপত দেখা গৈছে। হোলী পাৰ্টিত বগা কাপোৰ পিন্ধিছিল উৰ্বশী ৰাউটেলাই। কেৱল এয়াই নহয়, চকুত ক’লা চশমা পিন্ধি এক অনন্য ৰুপত দেখা গৈছিল। কিন্তু হোলী পাৰ্টিত উৰ্বশীৰ লোকচান হ’ল! কি লোকচান হ’ল জানেনে…

হোলী খেলি থাকোঁতে উৰ্বশী ৰাউটেলাৰ চিগিলে চেণ্ডেল
আচলতে উৰ্বশী ৰাউটেলাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে এটা কাহিনী। হোলী খেলি থাকোঁতে উৰ্বশী ৰাউটেলাৰ চেণ্ডেল চিগি গ’ল আৰু উৰ্বশীয়ে কেপচনত লিখিছিল “হোলীৰ পিছৰ উন্মাদনা”।উৰ্ভাশী ৰাউটেলাই হোলী পাৰ্টিত বহুত নাচিছিল।


উৰ্বশী ৰাউটেলাই তেওঁৰ হোলীৰ আৰু বহু ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত তেওঁক বহুত ফূৰ্তি কৰা দেখা গৈছে। কেৱল এয়াই নহয় অভিনেত্ৰীগৰাকীয়ে নৃত্যৰ ভিডিঅ’ও শ্বেয়াৰ কৰিছে।

Leave A Reply