Breaking

২৪ কেৰেটৰ সোণৰ কেক কাটি জন্মদিন উদযাপন উৰ্বশী ৰাউটেলাৰ, লগত হানি সিং; ফটো চাওক…

0 68

নিজৰ সৌন্দৰ্য্য আৰু শক্তিশালী অভিনয়েৰে দক্ষিণৰ পৰা বলীউডলৈ খ্যাতি অৰ্জন কৰা অভিনেত্ৰী উৰ্বশী ৰাউটেলাই দেওবাৰে ৩০ বছৰীয়া জন্মদিন উদযাপন কৰে। অভিনেত্ৰীগৰাকীয়ে তেওঁৰ জন্মদিন উদযাপনৰ কিছু ছবি তেওঁৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে, য’ত তেওঁক পাঞ্জাবী গায়িকা হানী সিঙৰ সৈতে জন্মদিন উদযাপন কৰা দেখা গৈছে। কেৱল এয়াই নহয়, এই বিশেষ অনুষ্ঠানত অভিনেত্ৰীগৰাকীয়ে ২৪ কেৰেট সোণৰ কেক এটাও কাটিলে। তেওঁৰ এই ছবিবোৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। হিন্দী চিনেমাৰ পৰা দক্ষিণ উদ্যোগলৈ সুদৃঢ় স্থান দখল কৰা উৰ্বশী ৰাউটেলাৰ জন্ম হৈছিল ১৯৯৪ চনৰ ২৫ ফেব্ৰুৱাৰীত উত্তৰাখণ্ডৰ হৰিদ্বাৰত।

এইবাৰ বিশেষ বন্ধু হানি সিঙৰ সৈতে উৰ্বশী ৰাউটেলাই জন্মদিন পালন কৰে। কেক কাটি অভিনেত্ৰীগৰাকীয়ে হানীক খুৱাইও দিলে কেক, তাৰ পিছত গায়িকাগৰাকীয়েও বিনিময়ত অভিনেত্ৰীগৰাকীক কেক খুৱাই সাৱটি ধৰি জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনায়।

উৰ্বশী ৰাউটেলাই তেওঁৰ আগন্তুক মিউজিক এলবাম ‘লাভড’জ ২’ৰ চেটত ৩০ বছৰীয়া জন্মদিন উদযাপন কৰে। লগতে জন্মদিনৰ ছবিও শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে কেপচনত লিখিছে, ‘হেচটেগ ২৪ কেৰেটৰ ৰিয়েল গোল্ড কেক। লাভ ড’জ ২ৰ চেটত জন্মদিন উদযাপন, হানি সিং ধন্যবাদ। একে সময়তে অনুৰাগীসকলে এই গীতটি মুক্তিৰ বাবে অপেক্ষা কৰি আছে।

Leave A Reply