Breaking

আমেৰিকাৰ কংগ্ৰেছত গৃ্হীত হয় সমলিংগ বিবাহ সুৰক্ষাৰ বাবে এখনি ঐতিহাসিক আইন…

0 48

বৃ্হস্পতিবাৰে আমেৰিকাৰ কংগ্ৰেছত গৃ্হীত হয় সমলিংগ বিবাহ সুৰক্ষাৰ বাবে এখনি ঐতিহাসিক আইন। উল্লেখ্য যে ২০১৫ চনত আমেৰিকাত বৈধতা প্ৰদান কৰা হৈছিল সমলিংগীয় বিবাহৰ। কিন্তু পিছত উচ্চতম ন্যায়ালয়ে এই সিদ্ধান্ত আঁতৰাই দিব পাৰে বুলি তাৰ পূৰ্বেই সমলিংগ বিবাহৰ স্বীকৃতিক সুৰক্ষা প্ৰদান কৰিবৰ বাবে সমলিংগ বিবাহ সুৰক্ষাৰ বিল উত্থাপন কৰা হৈছিল।

যোৱা বৃ্হস্পতি বাৰে হাউছ অৱ ৰিপ্ৰেজেন্টেটিভত চেম্বাৰৰ ডেম আৰু ৰিপাব্লিকান দলৰ ২৫৮ সদস্যই বিধেয়কখনৰ সপক্ষে ভোট প্ৰদান কৰে। এতিয়া এই বিধেয়কখন ৰাষ্ট্ৰপতি জো বাইডেনৰ স্বাক্ষৰৰ বাবে প্ৰেৰণ কৰা হ’ব।

উল্লেখযোগ্য যে যোৱা জুন মাহত আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে গৰ্ভপাতৰ অধিকাৰ প্ৰদান কৰা প্ৰায় পাঁচ দশক পুৰণি আইনখন বাতিল কৰিছিল। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ক্লেৰেন্স থমাছে এই ৰায় পৰ্যবেক্ষণ কৰি কয় যে আদালতে ২০১৫ চনৰ সমলিংগ বিবাহৰ আইনকে ধৰি ব্যক্তিগত স্বাধীনতা সুৰক্ষিত কৰা অন্যান্য সিদ্ধান্তসমূহ বাতিল কৰাৰ কথা বিবেচনা কৰিব লাগে। আদালতৰ এই ৰায়দানৰ লগে লগে সমগ্ৰ আমেৰিকাত প্ৰতিবাদ আৰম্ভ হয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনেও এই সিদ্ধান্তৰ বিৰুদ্ধে মাত মাতে।

২০১৫ চনৰ ২৬ জুনত উচ্চতম ন্যায়ালয়ে অ’বেৰগাফেল বনাম হজেছৰ সিদ্ধান্ত জাৰি কৰি আমেৰিকাৰ ৫০খন ৰাজ্যৰ সকলোতে সমলিংগ বিবাহক সম্পূৰ্ণ আইনী স্বীকৃতি প্ৰদান কৰে। এই ৰায়দানে এলজিবিটিকিউ সম্প্ৰদায়ৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিলে। কিন্তু বিভিন্ন বিতৰ্কৰ বাবে আমেৰিকাৰ বিধায়িনী দলে সেই অধিকাৰ ৰক্ষাৰ বাবে কোনো বিধেয়ক গৃহীত কৰা নাই।

Leave A Reply