Breaking

ভাৰতৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানত উপস্থিত নাথাকে মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেন, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক আমন্ত্ৰণ…

0 38

২০২৪ৰ গণৰাজ্য দিৱস সমাগত। নতুন বছৰৰ প্ৰথমটো মাহতে গণৰাজ্য দিৱস। জি-২০ সন্মিলনৰ সময়তে মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনক ভাৰতৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি হিচাবে আমন্ত্ৰণ জনোৱা হৈছিল যদিও বাইডেনে বিশেষ কাৰণত ভাৰতত সেই সময়ত উপস্থিত থাকিব নোৱাৰিব বুলি জনাই দিছে। ফলত গণৰাজ্য দিৱসৰ মুখ্য অতিথি হিচাবে ভাৰত চৰকাৰে এইবাৰ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক আমন্ত্ৰণ জনাইছে। বিশেষ সূত্ৰই এই কথা প্ৰকাশ কৰিছে।খবৰ অনুসৰি মেক্ৰন ২৬ জানুৱাৰীত দিল্লীত উপস্থিত থাকিব। উল্লেখ্য জো বাইডেনক অনুষ্ঠানটোত মুখ্য অতিথি হ’বলৈ আমন্ত্ৰণ জনোৱা হৈছিল। কিন্তু কেইদিনমান আগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিয়ে কৈছিল যে তেওঁ গণৰাজ্য দিৱস উদযাপনৰ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিব।৮ ছেপ্টেম্বৰত নতুন দিল্লীত জি-২০ সন্মিলনৰ সময়ত মোদী আৰু বাইডেনৰ মাজত দ্বিপাক্ষিক বৈঠক হৈছিল। সেই সময়তে প্ৰধানমন্ত্ৰীয়ে তেওঁক গণৰাজ্য দিৱসত ভাৰতলৈ আহিবলৈ আমন্ত্ৰণ জনাইছিল। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিয়ে জনাই দিছে যে তেওঁ এতিয়া অনুষ্ঠানলৈ আহিব নোৱাৰিব।

বাইডেনে উপস্থিত থাকিব নোৱাৰিব বুলি জনোৱাৰ পিছতে মেক্ৰনক আমন্ত্ৰণ জনোৱাৰ কথা চিন্তা কৰা হয়। মেক্ৰন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অতি ঘনিষ্ঠ বুলি জনা যায়। এই বছৰৰ জুলাই মাহত ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে মোদীক বাষ্টিল দিৱসৰ কুচকাৱাজত মুখ্য অতিথি হিচাপে উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনাইছিল। মোদীয়ে ফ্ৰান্সৰ পৰম্পৰাগত অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে উপস্থিতো আছিল। তাৰ পিছত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনে জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ আহিছিল। ইপিনে কোৱাড সন্মিলন ২৭ জানুৱাৰীত অনুষ্ঠিত হোৱাৰ কথা । ভাৰতৰ উপৰি আমেৰিকা, জাপান আৰু অষ্ট্ৰেলিয়ায়ো এই সন্মিলনত অংশগ্ৰহণ কৰাৰ কথা।

Leave A Reply