Breaking

আপোনাৰ মুখৰ উজ্জ্বলতা বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰক এই সমূহ ফলৰ বাকলি…

0 32

সকলোৰে বিচাৰে নিজৰ ছালখন ধুনীয়া কৰি ৰাখিবলৈ দৈনিক ফল খোৱাৰ লগতে ফলৰ বাকলি সমূহ আপোনাৰ ছালৰ যত্নৰ ৰুটিনত অন্তৰ্ভুক্ত কৰিব পাৰে। কিছুমান ফল আছে যিবোৰ ফল স্বাস্থ্যৰ লগতে ছালৰ বাবেও অতি উপকাৰী। জানো আহক কোনবোৰ ফলে আপোনাৰ স্বাস্থ্যৰ লগতে ছালৰ সৌন্দৰ্যও বৃদ্ধি কৰে-

কমলা অতি উপকাৰী। কমলা টেঙাত ভিটামিন চি, এন্টিঅক্সিডেন্ট, ফাইবাৰ আদি বহুতো পুষ্টিকৰ উপাদান পোৱা যায়। কমলাই শৰীৰক জলসিঞ্চিত কৰি ৰখাত সহায় কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াৰ উপৰিও কমলাৰ বাকলি ছালৰ বাবে উপকাৰী। বাকলিত ভিটামিন চি আৰু চাইট্ৰিক এচিড থাকে যিয়ে ছালৰ বাবে এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে। ই বলিৰেখা কমাই ছালখনক উজ্জ্বল কৰি তোলাত সহায় কৰে।

কলৰ উপকাৰিতা সকলোৱে জানে কিন্তু কলৰ বাকলি উপকাৰিতাৰ বিষয়ে জানেন। কল পকিলে তাৰ বাকলি ভালদৰে পিহি লওক। তাৰ পিছত এই পেষ্টটো মুখ আৰু হাতত লগাব। কিছু সময়ৰ পাছত এই পেষ্ট শুকাই গ’লে গৰম পানীৰে পৰিষ্কাৰ কৰি হাতেৰে লাহে লাহে মালিচ কৰি লওক। এইদৰে মালিচ কৰিলে আপোনাৰ ছালখন কোমল আৰু জিলিকিবলৈ আৰম্ভ কৰিব। কলৰ বাকলিত ভিটামিন চি, এন্টিঅক্সিডেন্ট আৰু জিংকৰ দৰে উপাদান পোৱা যায় যিয়ে ছালখনক সুস্থ কৰি ৰাখে। গতিকে কলৰ বাকলিৰে মুখ আৰু ছাল উভয়ৰে সৌন্দৰ্য বৃদ্ধি কৰিব পাৰি।

অমিতা খোৱা যিমানেই সুস্বাদু আৰু উপকাৰী নহওক কিয়, ছালত অমিতাৰ বাকলি লগালে আৰু বহু উপকাৰ পোৱা যায়। অমিতাৰ বাকলিত পেপেইন নামৰ এটা প্ৰাকৃতিক এনজাইম পোৱা যায়। এই এনজাইমে ছালৰ পৰা মৃত আৰু ক্ষতিগ্ৰস্ত কোষবোৰ পৰিষ্কাৰ কৰাত সহায় কৰে। ইয়াৰ উপৰিও ই নতুন আৰু সুস্থ কোষ গঠনত সহায় কৰে। অমিতা বাকলি পিহি মুখত লগালে ক্ৰমান্বয়ে দাগবোৰ নাইকিয়া হৈ ছালখন কোমল আৰু চিকচিকিয়া হৈ পৰে। নিয়মিতভাৱে অমিতা বাকলি ব্যৱহাৰ কৰিলে ছালৰ লগত জড়িত বহু সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। সেয়েহে অমিতা খোৱাৰ লগতে ইয়াৰ বাকলিৰও আছে বহু সুবিধা।

আপেল এটা সুস্বাদু আৰু স্বাস্থ্যকৰ ফল যিটো আমি প্ৰায় প্ৰতিদিনে খাওঁ। আপেলৰ বাকলিত এনে বহু গুণ পোৱা যায় যিয়ে মুখৰ সৌন্দৰ্য্য বৃদ্ধি কৰিব পাৰে। আপেলৰ বাকলিত এন্টিঅক্সিডেন্ট আৰু এন্টি এজিং গুণ প্ৰচুৰ পৰিমাণে পোৱা যায়। এইবোৰে ছালৰ কোষবোৰক ক্ষতিৰ পৰা ৰক্ষা কৰে আৰু সুস্থ কৰি ৰাখে। অমিতা বাকলি পিহি ফেচ পেক হিচাপে মুখত লগালে বলিৰেখা আৰু ৰেখা কমিবলৈ আৰম্ভ কৰে। ই ছালখন টান, সতেজ আৰু মিহি কৰি ৰখাত সহায় কৰে।


Leave A Reply