চাংসাৰি, ২৬ নৱেম্বৰ : জীৱন যুদ্ধত যিসকল ব্যক্তিয়ে কেতিয়াও হাৰ মনা নাই,অথচ আনক সহায়ৰ হাত আগবঢ়াই দিছে, সেইসকল বিশিষ্ট ব্যক্তিক উত্তৰ পুৰুষৰ মঞ্চ নামৰ সাহিত্য-সংস্কৃতিক, সামাজিক আৰু প্ৰকৃতি সুৰক্ষাৰ বাবে নিৰন্তৰ সাধনা কৰি অহা সংগঠনটোয়ে মঞ্চৰ সৰ্ব্বোচ্চ সন্মান অক্লান্ত উত্তৰ পুৰুষ বঁটাৰে অসমৰ বহু কেইগৰাকী ব্যক্তিক সন্মানিত কৰি আহিছে। ২০১৬ বৰ্ষৰে পৰা উত্তৰ পুৰুষৰ মঞ্চই এই বঁটা প্ৰদান কৰি আহিছে বুলি মুখ্য সম্পাদক দিবাকৰ ৰেণুবে জানিব দিয়ে । জীৱন যুদ্ধত সাহসেৰে যুঁজ দি জীয়াই থাকি আনৰ বাবে কিবা কৰি ভালপোৱা বিশিষ্ট শিশু সাহিত্যিক তথা ধঁপাত বিৰোধী আন্দোলনৰ নীৰৱ কৰ্মী দেৱৰাজ কলিতা, এইডছ্ আৰু দেৱাংগৰ বাবে সদা জাগ্ৰত কৰ্মী জাহ্নৱী গোস্বামী, চকুৰ দৃষ্টিশক্তি যোৱাৰ পিছতো সংগীত সাধনাৰে উত্তৰ পুৰুষৰ আদৰ্শ হোৱা শিল্পী মনোজ কাশ্যপ, উত্তৰ পুৰুষৰ বাবে আদৰ্শ প্ৰচণ্ড আত্মশক্তিসম্পন্না লেখিকা, সমাজকৰ্মী , বিজয়িনী নামৰ এখন আত্মজীৱনীমূলক গ্ৰন্থৰ স্ৰষ্টা জুলী বৰুৱাই ইতিমধ্যে এই বঁটা লাভ কৰিছে। অহা ৬ ডিচেম্বৰ তাৰিখে গুৱাহাটী প্ৰেছ ক্লাৱৰ এখন গাম্ভীৰ্যপুৰ্ণ সভাত ২০২০ বৰ্ষৰ বাবে এই বঁটাটি প্ৰদান কৰা হ’ব বিশিষ্টা লেখিকা শৰ্মিষ্ঠা প্ৰীতমক। বহুকেইখন উপন্যাস আৰু গ্ৰন্থৰ ৰচয়িতা শৰ্মিষ্ঠাই জীৱনৰ বিভিন্ন শাৰীৰিক বাধাকো নেওচাদি উত্তৰ পুৰুষৰ বাবে দেখুওৱা আদৰ্শৰ বাবে উত্তৰ পুৰুষৰ মঞ্চই এইবৰ্ষৰ বাবে তেখেতক এই সন্মানেৰে বিভূষিত কৰিব। আনহাতে এই অনুষ্ঠানতে অসমৰ এগৰাকী অপ্ৰমাদী নাট্যশিল্পী নৰেশ্বৰ হালৈৰ উপৰিও বহু কেইগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হ’ব বুলি সাংবাদিক কমল কুমাৰে এক বিজ্ঞপ্তি যোগে জানিবলৈ দিছে।
Breaking
- ১৬ লাখ ১৫ হাজাৰতকৈয়ো অধিক লোকক কোৱিড-১৯ ৰ প্ৰতিষেধক প্ৰদান ভাৰতত
- বটদ্ৰৱা থানত “মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ”ৰ কাৰ্য্যসূচী উন্মোচন
- গোসাইগাঁৱত চি আৰ পি এফৰ ১২৯ বাহিনীৰ দ্বাৰা কৃষক ৰাইজক বিনামূলীয়া বীজ বিতৰন
- দিছপুৰ খন হিমন্ত বিশ্ব শৰ্মাৰ পৈত্রিক সম্পত্তি নহয় – বিধায়ক আমিনুল ইছলাম
- নগাঁৱত জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন
- কমলাকান্ত গগৈ পুনৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ হিচাপে নিৰ্বাচিত
- চাওতালক জনগোষ্ঠীয় মৰ্যাদাৰ দাবী, অন্যথা নিৰ্বাচনত বৰ্জন কৰিব বিজেপিক
- পূব নলবাৰীৰ জাজিয়াবাৰীত শ্ৰীশ্ৰীবুঢ়া গোসাঁই নামঘৰত মাঘী পূৰ্ণীমা তিথি (সভা)
- BTRত ১ ফেব্ৰুৱাৰীৰ পৰা মাটিৰ কিনা-বেচাৰ অনুমতি
- কা’ৰ প্ৰতিলিপি দাহেৰে ডিমৌত আছু’ৰ ক’লা পাতাকা লৈ উত্তাল প্ৰতিবাদ