প্ৰেমময় দম্পতীৰ বাবে ভেলেণ্টাইন সপ্তাহ অতি বিশেষ। ভেলেণ্টাইন সপ্তাহ আৰম্ভ হয় ৰোজ ডে’ৰ পৰা, আনহাতে ভেলেণ্টাইন সপ্তাহৰ শেষৰ দিনটো ভেলেণ্টাইন ডে’। (Valentine Week) প্ৰেম আৰু ৰোমাঞ্চৰ বাবে পৰিচিত ভেলেণ্টাইন ডে’। ভেলেণ্টাইন ডে’ৰ দিনটো দম্পতীৰ বাবে অতি বিশেষ দিন। প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহত ভেলেণ্টাইন সপ্তাহ পালন কৰা হয়। আনহাতে ভেলেণ্টাইন ডে’ক স্মৰণীয় কৰি তোলাৰ বাবে দীৰ্ঘদিন ধৰি পৰিকল্পনা কৰে দম্পতীয়ে।
ভেলেণ্টাইন ডে’ৰ প্ৰথম দিনটো ৰোজ ডে’। এই দিনটোত দম্পতীয়ে ইজনে সিজনক গোলাপ ফুল দি প্ৰেম প্ৰকাশ কৰে। ৰঙা গোলাপ প্ৰেমৰ প্ৰতীক। হালধীয়া গোলাপ বন্ধুত্বৰ প্ৰতীক।
প্ৰপ’জ দিৱস ৮ ফেব্ৰুৱাৰীত। সেই দিনটোত মানুহে নিজৰ হৃদয়ৰ কতা অনুভৱ প্ৰকাশ কৰে। যদি আপুনি কাৰোবাক ভাল পায় তেন্তে আপুনি তেওঁৰ আগত আপোনাৰ অনুভৱ প্ৰকাশ কৰিব পাৰে Propose Day ত।
চকলেট দিৱস, ৯ ফেব্ৰুৱাৰীত চকলেট দিৱস পালন কৰা হয়। সেই দিনটোত দম্পতীয়ে চকলেট দি নিজৰ প্ৰেম প্ৰকাশ কৰে।
টেডি ডে, ১০ ফেব্ৰুৱাৰীত টেডী দিৱস পালন কৰা হয়। টেডি ডে’ত প্ৰেমিক দম্পতীয়ে ইজনে সিজনক টেডি বিয়াৰ উপহাৰ দিয়ে।
প্ৰতিশ্ৰুতি দিৱস, প্ৰতিশ্ৰুতি দিৱস ১১ ফেব্ৰুৱাৰী। প্ৰতিশ্ৰুতি দিৱসত প্ৰেমময় দম্পতীয়ে গোটেই জীৱন একেলগে থাকিবলৈ প্ৰতিশ্ৰুতি দিয়ে।
হাগ ডে, ১২ ফেব্ৰুৱাৰীত আলিংগন দিৱস পালন কৰা হয়। সেই দিনটোত প্ৰেমিক-প্ৰেমিকাসকলে ইজনে সিজনক আলিংগন কৰি প্ৰেম প্ৰকাশ কৰে।
চুম্বন দিৱস, চুম্বন দিৱসত প্ৰেমিক-প্ৰেমিকাই ইজনে সিজনক চুম্বন কৰি প্ৰেম প্ৰকাশ কৰে।
ভেলেণ্টাইন ডে’, ভেলেণ্টাইন ডে সপ্তাহৰ শেষৰ দিন ১৪ ফেব্ৰুৱাৰী। এই দিনটো আটাইতকৈ বিশেষ। এই দিনটোত দম্পতীয়ে ইজনে সিজনক উপহাৰ, কাৰ্ড আৰু বিশেষ চমক দি প্ৰেম প্ৰকাশ কৰে।