Breaking

টংলাত মহাশয় প্ৰকাশন পৰিষদ অসমৰ উদ্যোগত বিভিন্ন বঁটা প্ৰদান

0 75

মহাশয় প্ৰকাশন পৰিষদ অসমৰ উদ্যোগত দেওবাৰে ওদালগুৰি জিলাৰ টংলাস্থিত শ্বহীদ ভৱনত সমাজৰ বিভিন্ন দিশলৈ অৰিহণা আগবঢ়োৱা ব্যক্তিসকলক তেওঁলোকৰ কৰ্মৰ সন্মান স্বৰূপে বিভিন্ন বঁটা প্ৰদান কৰা হয়।

সাংবাদিক ফটিক ৰাভাই আঁতধৰা আৰু অৰূপ বড়োৱে সহযোগ কৰা বঁটা প্ৰদান অনুষ্ঠানখন সঞ্চালনা কৰে বিশিষ্ট নিবন্ধকাৰ তথা মহাশয় প্ৰকাশন পৰিষদ অসমৰ উপসভাপতি হৰেশ্বৰ কলিতাই।

অনুষ্ঠানত “অসম গৌৰৱ বঁটা” বঁটা প্ৰদান কৰে ক্ৰমে সাহিত্য সাধক হৰেশ্বৰ কলিতা,বিশিষ্ট সমাজসেৱক মহেন্দ্ৰ শইকীয়া, সমাজসেৱিকা কল্পনা দেৱীক।

“সাহিত্য সুৰভি বঁটা” প্ৰদান কৰা হয় ক্ৰমে বিশিষ্ট কবি খগেন্দ্ৰ নাথ বৰা,সাংবাদিক দিগন্ত কুমাৰ শৰ্মা,কল্পনা দেৱী,শিক্ষয়িত্ৰী অৰ্পণা হাজৰিকা, কৃতি শিক্ষয়িত্ৰী বঁটা প্ৰাপক বৃন্দা ভূঞা, কবি পূৰ্ণিমা ভূঞাক।

“শিল্পী সুৰভি বঁটা” বঁটা প্ৰদান কৰা হয় ক্ৰমে ভাৰত নাট্যমৰ নৃত্য শিল্পী পূৰ্বাশ্ৰী বণিয়া, শিল্পী অনিমা চহৰীয়াক।

“জীৱন সমৃদ্ধ বঁটা” প্ৰদান কৰা হয় ক্ৰমে অৱসৰী কৃতি শিক্ষক শিৱ প্ৰসাদ শৰ্মা,অৰ্পণা হাজৰিকা, অৱসৰী কৃতি শিক্ষক ম০ ফাইজুদ্দিন আহমেদ, মৰণোত্তৰভাৱে বিশিষ্ট শিক্ষাবিদ তথা সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিষ্ঠাপক সভাপতি ঘনকান্ত চহৰীয়াক ।

■ অৰূপ বড়ো, টংলা

Leave A Reply