Breaking

ডাইনী হত্যা-অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজ দিয়া পদ্মশ্ৰী বিৰুবালা ৰাভাৰ মৃত্যুত বিভিন্ন সংগঠনৰ শোক প্ৰকাশ…

0 45

দুটা দশক ধৰি অসমত প্ৰচলিত ডাইনী হত্যা আদি বিভিন্ন অন্ধবিশ্বাসৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সচেতনতা আনিবৰ বাবে চেষ্টা কৰি অহা পদ্মশ্ৰী বিৰুবালা ৰাভাৰ মৃত্যুত বিভিন্ন জনগোষ্ঠীয় সংগঠনে শোক প্ৰকাশ কৰিছে। বিশিষ্ট সমাজ সংস্কাৰক পদ্মশ্ৰী বিৰুবালা ৰাভাৰ মৃত্যুত সংযুক্ত বড়ো গণ মঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, সাধাৰণ সম্পাদক পীতাম্বৰ ব্ৰহ্মই গভীৰ শোক প্ৰকাশ কৰি শোকবাৰ্তাত কয় অসমত ডাইনী,কু-প্ৰথা আৰু অন্ধবিশ্বাসৰ সন্দেহত আতিশয্যৰ মুখামুখি হোৱা বহু লোকক বিৰুবালা ৰাভাই সহায় কৰি আহিছে আৰু সমাজৰ অন্যায়,অন্ধবিশ্বাসৰ বিৰুদ্ধে জনগণৰ মাজত সজাগ-সচেতনতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছিল বুলি উল্লেখ কৰি

ভাৰত চৰকাৰে ২০২১ চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা বিৰুবালা ৰাভাৰ মৃত্যু নিৰক্ষৰ আৰু পিছপৰা শ্ৰেণীৰ সমাজৰ  বাবে অপূৰণীয় ক্ষতি কৰিব বুলি মন্তব্য কৰে।পদ্মশ্ৰী বিৰুবালা ৰাভাৰ মৃত্যুত সোনোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি মোহন সোনোৱাল, মুখ্য সম্পাদক মৃদুল সোনোৱাল, সদৌ অসম সোনোৱাল কছাৰী ছাত্র সন্থাৰ সভাপতি দেবানন্দ চেলেং, উপ সভাপতি ৰাজু সোনোৱাল,সাধাৰণ সম্পাদক পৰীক্ষিত সোনোৱাল, সদৌ অসম সোনোৱাল কছাৰী নাৰী সন্থাৰ সভানেত্ৰী ৰশ্মিৰেখা সোনোৱাল, সাধাৰণ সম্পাদিকা লাৱণ্য সোনোৱাল,গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ সভাপতি জাৰিমিন নাৰ্জাৰী, উপ সভাপতি সুশীল বসুমতাৰী,

সাধাৰণ সম্পাদক তোলন সোনোৱাল,সদৌ অসম হাজং ছাত্র সন্থাৰ সভাপতি নিত্যানন্দ হাজং, সাধাৰণ সম্পাদক ধনেশ্বৰ হাজং,ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ সভাপতি ৰাতিৰাম বসুমতাৰী, সাধাৰণ সম্পাদক অশোক দৈমাৰী, গোলাঘাট জিলা সমিতিৰ সভাপতি মুকুন্দ বসুমতাৰী, সাধাৰণ সম্পাদক মিলন ৰামচিয়াৰী,জিএনএছএমৰ জোনাই জিলা সমিতিৰ সভাপতি হেমকান্ত দৈমাৰী, সাধাৰণ সম্পাদক কুমেশ্বৰ মৰাঙ, বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ধেমাজি জিলাৰ সভাপতি ধৰ্মেন্দ্ৰ দাস সম্পাদক ভদ্ৰ দাসে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

Leave A Reply