Breaking

তথ্য বিভ্ৰাটত বীৰ লাচিত বৰফুকনৰ ওপজা দিন…

0 220

অসমৰ শৌয্য বীৰ্য্যৰ প্ৰতীক বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী উদযাপনৰ সময়তেই তথ্য বিভ্ৰাটে অসমবাসীক উদ্বিগ্ন কৰি তুলিছে। বীৰজনাৰ বিষয়ে ৰচনা লেখিবলৈ গৈ বিবুদ্ধিত পৰিছে ছাত্ৰ ছাত্ৰী। প্ৰকৃততে বীৰজনাৰ জন্ম চনটো খেলিমেলি হোৱাত সকলোৰে বিভ্ৰান্তি হোৱা পৰিলক্ষিত হৈছে। বুৰঞ্জী আৰু গুগুলত উপলব্ধ তথ্যই এতিয়া সকলোকে বিপাঙত পেলাইছ। প্ৰকৃততে বীৰজনাৰ ওপজা চন কি ।

নৱম-দশম শ্ৰেনীৰ পাঠ্যপুথিত উল্লেখ আছে বীৰজনাৰ জন্ম হৈছিল ১৬১২ চনত।একেদৰে তেওৰ জন্মৰ তাৰিখ বা স্হান জনা নাযায় বুলি উল্লেখ আছে।যদি এই তথ্য শুদ্ধ হয় তেনেহলে বীৰজনাৰ ৪১০ সংখ্যক জন্ম জয়ন্তী হব। আনহাতে গুগুলত উপলব্ধ তথ্য মতে বীৰ লাচিতৰ জন্ম ১৬২২ চনৰ ২৪ নৱেম্বৰত। চৰকাৰে সম্ভবত গুগুলৰ তথ্যৰ আধাৰত ৪০০ সংখ্যক জন্মজয়ন্তী উদযাপনৰ বাবে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন স্হানত প্ৰচাৰ চলাইছে বীৰজনাৰ জন্মজয়ন্তী উদযাপনৰ বিষয়ে। চৰকাৰে ১৮ নবেম্বৰত অসম আৰক্ষীৰ দ্বাৰা বেণ্ড পৰিবেশন কৰে। ১৯ নবেম্বৰত বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত আয়োজন কৰিছে ৰচনা প্ৰতিযোগিতা।

২০ নবেম্বৰত যোৰহাটৰ লাচিত মৈদাম প্ৰেক্ষাগৃহত লাচিত মৈদাম স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ ক্ষতিপূৰণ আনুষ্ঠানিক ভাবে বিতৰণ অনুষ্ঠান। ৰাজ্যখনৰ লগতে নতুন দিল্লীৰ বিজ্ঞান ভবনত লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজ্য়ন্তীৰ কেন্দ্ৰীয় অনুষ্ঠান। ২৩ নৱেম্বৰত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন, ২৪ নবেম্বৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু ২৫ নবেম্বৰত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। কিন্তু এতিয়া সমস্যা হৈছে ছাত্ৰ ছাত্ৰীৰ লগতে অসমবাসীৰ বাবে বীৰজনাৰ প্ৰকৃত জন্ম চন কেতিয়া ।

Leave A Reply