Breaking

বীৰাগংনা মুলা গাভৰু কৃষিপাম সমবায় সমিতি উদ‍্যোগত : বিহুগীতৰ মাজেৰে কঠিয়া সিঁচিলে মন্ত্ৰী বিধায়ক-সাংসদে

0 2,229

 অসমৰ কৃষিৰ সমান্তৰালভাৱে  সমবায় খ‌ণ্ডত এক  নতুন সম্ভাৱনা সৃষ্টি কৰি আজি শিৱসাগৰ জিলাৰ বীৰাগংনা মুলা গাভৰু কৃষি পাম  সমবায় সমিতিৰ  কৃষিকৰ্ম কঁঠিয়া সিঁচি  শুভাৰম্ভণি  ৰাজ্য খনৰ কৃষিমন্ত্ৰীকে ধৰি কেইবাগৰাকী মন্ত্ৰী, বিধায়ক, সাংসদে । অসমীয়া কৃষিজীৱী সমাজৰ  বাবে অত‍্যন্ত গুৰুত্ব পুৰ্ণ শালিখেতিৰ কঁঠিয়া সিঁচা এই অনুষ্ঠানত বিহুগীত জুৰি এক হষ্-উল্লাসৰ মাজেৰে ৰাজ‍্যখনৰ ৰাজহ মন্ত্ৰী যোগেন মহন, সাংসদ তপন গগৈ , বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাকে ধৰি বহু সংখ্যক বিষয়া, কৃষক ৰাইজে অংশগ্ৰহণ কৰে । উল্লেখ যোগ‍্য যে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ মেছাগড়, জতকীয়া আদি অঞ্চলৰ ৬৭ জন কৃষক একত্ৰিত হৈ ১৯৬০ চনতে ৰাজ‍্যখনৰ দ্বিতীয় খন কৃষিপাম সমবায় সমিতি গঠন কৰি ঐতিহাসিক ডিমৌ পথাৰত সমুহীয়া ভাবে শালিখেতি কৰি আহিছে ।এই বছৰো কৃষক সকলে সমুহীয়া ভাবে ১৪৫বিঘা মাটিত শালিখেতি কৰাৰ প্ৰস্তুতি চলাই ১০ বিঘাৰো অধিক মাটিত কঠিয়া পৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে । আজিৰ এই কঠিয়া সিচা কাৰ্য্যসূচীৰ অন্তত অনুস্থিত এক সভাত কৃষি মন্ত্ৰী জনে কয় যে সম্পতি ৰাজ্য চৰকাৰে অসমৰ কৃষি খণ্ডৰ উন্নয়নৰ বাবে বহু বোৰ অভিলাসী আঁচনি প্ৰস্তুত কৰিছে । অসমৰ কৃষক ৰাইজে যাতে একেদৰা মাটিতে তিনি তৰপীয়া কৃষি কাৰ্য্য কৰিব পাৰে তাৰ এক বাস্তৱ সম্মত পদক্ষেপ গ্ৰহণ কৰা হব ।  সমুহীয়া ভাবে কৃষি কৰ্মৰ বাবে  সংগঠিত হৈ বীৰাগংনা মুলা গাভৰু কৃষি পাম সমবায় সমিতিয়ে যি পদক্ষেপ লৈছে তাক প্ৰশংসা কৰি মন্ত্ৰীজনে ইয়াৰ যোগেদি অসমৰ কৃষক সমাজ উৎসাহিত হব বুলি মত পোষণ কৰে সভাত ৰাজহ মন্ত্ৰী যোগান মহন, সাংসদ তপন কুমাৰ গগৈ , উপায়ুক্ত বিষ্ণু কমল বৰাই নিজ নিজ ভাসণত কৃষি পাম সমবায় সমিতিৰ এনে পদক্ষেপক উৎসাহজনক বুলি মন্তব্য প্ৰকাশ কৰি সমবায় সমিতিখনক কৃষি, সমবায় বিভাগৰ লগতে অন‍্যান‍্য যাৱতীয় সহযোগ আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰে ।। 

Agricultural Minister Atul Bora sowing paddy seeds Organised by Birangana Mulagabharu Samabai Samiti at Jerenga pathar in Sivasagar on 12-06-21.Pix by UB Photos
Agricultural Minister Atul Bora sowing paddy seeds Organised by Birangana Mulagabharu Samabai Samiti at Jerenga pathar in Sivasagar on 12-06-21.Pix by UB Photos

 

Leave A Reply