Breaking

সৰভোগত বিধায়কৰ প্ৰচেষ্টাত মৃতদেহ কঢ়িওৱা বাহন স্বৰ্গৰথ মুকলি

0 549

সৰভোগত অনুষ্ঠিত হৈ থকা ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ অসম ৰাজ্যিক সন্মিলনৰ দ্বিতীয় দিনা আজি স্থানীয় বিধায়ক মনোৰঞ্জন তালুকদাৰৰ প্ৰচেষ্টাত অধিৱেশনস্থলীত সৰভোগৰ ৰাইজৰ বাবে মুকলি কৰা হয় স্বৰ্গৰথ। সৰভোগত আজি স্বৰ্গৰথ মুকলি কৰি বিধায়কগৰাকীয়ে কয় যে, সৰভোগত দীৰ্ঘদিন ধৰি মৃতদেহ কঢ়িওৱা বাহনৰ অভাৱ আছিল। মানুহে ঠেলা, ট্ৰেক্টৰ, টেম্পূ, ই-ৰিক্সা আদি বাহনত মৃতদেহ কঢ়িয়াবলগীয়া হৈছিল। যিটো মৃতকৰ বাবে অসন্মানজনক বুলি বিবেচিত হয়। আনকি এটা মৃতদেহ কঢ়িওৱাৰ বাবদ বাহন এখনক ৪/৫ হাজাৰ টকা আদায় দিবলগীয়া হয়। বিশিষ্ট ব্যক্তিৰ মৃতদেহ কঢ়িওৱাৰ ক্ষেত্ৰতো এই সমস্যাই দেখা দিছিল। সৰভোগৰ ৰাইজৰ এই দুৰাৱস্থা দেখি তেওঁ যোৱা মাহত মৃতদেহ কঢ়িওৱা এখন বাহন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল আৰু আজি সেই অনুসৰি স্বৰ্গৰথ মুকলি কৰা হয়।

সৰভোগৰ সিদ্ধেশ্বৰ দাস, জিতুমণি দাস আৰু প্ৰণৱ তালুকদাৰৰ সহযোগত তেওঁ সৰভোগৰ ৰাইজৰ সুবিধাৰ্থে স্বৰ্গৰথ মুকলি কৰে। সৰভোগৰ গাঁৱে-ভূঞে সকলোৱে যাতে শ্মশানলৈ অতি সহজে স্বৰ্গৰথৰ জৰিয়তে মৃতদেহ কঢ়িয়াব পাৰে, তাৰ ব্যৱস্থা কৰাৰ কথাও তেওঁ উল্লেখ কৰে। সৰভোগৰ ৰাইজে এতিয়াৰে পৰা স্বৰ্গৰথৰ বাবে ৭০০২০৬৩০৮২ আৰু ৮৪৭৩৯৭৭১১৯ নম্বৰত যোগাযোগ কৰিব পাৰিব।

সৰভোগৰ পৰা ৰমিজ তালুকদাৰৰ প্ৰতিবেদন

Leave A Reply