Breaking

ছয়গাঁৱত ১১ টা চোৰাং গৰুসহ বাহন জব্দ : দুজন আটক

0 1,534

ৰাজ্যত এতিয়াও অব্যাহত আছে চোৰাং গৰুৰ বেহা ৷ বৃহস্পতিবাৰে পুৱা ছয়গাঁও আৰক্ষীয়ে ছয়গাঁৱৰ নিকটৱৰ্তী বৰটাৰীত জব্দ কৰে ১১ টাকৈ চোৰাং গৰুসহ গৰু কঢ়িওৱা বাহন ৷ লগতে আটক কৰে দুজন লোক ৷ জানিবপৰামতে কুকুৰমাৰাৰ পৰা বৰটাৰীলৈ যোৱা পথটোৰে চোৰাং গৰু সৰবৰাহৰ তথ্য ছয়গাঁও আৰক্ষীয়ে লাভ কৰাৰ পিচত বিগত কেইবাদিনো ধৰি ছয়গাঁও আৰক্ষীয়ে চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দ কৰাৰ বাবে গোপন অভিযান চলাই আছিল ৷ বৃহস্পতিবাৰে পুৱা প্ৰায় ৮ বজাত ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠক আৰু কুকুৰমাৰা পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বসন্ত কলিতান যৌথভাৱে চলোৱা এক অভিযানত এ এছ ২৫ চি চি ৮১৯৪ নম্বৰৰ বাহনখন বৰটাৰীত জব্দ কৰিবলৈ সক্ষম হয় ৷ বাহনখনত ১১ টা গৰু কঢ়িয়াই আনিছিল ৷ লগতে বকোৰ মাহতলীৰ মোক্ৰম আলী আৰু গৰৈমাৰীৰ কান্দুলিমাৰীৰ দিলবৰ আলী নামৰ লোক দুজনকো আটক কৰে ৷ জানিবপৰামতে উক্ত বাহনখন  দক্ষিণ কামৰূপৰ বিজয়নগৰৰ পৰা বকোৰ সোণতলীলৈ দিশে গৈ আছিল ৷ উক্ত বাহনখনে কুকুৰমাৰা হৈ বৰটাৰীৰে মথাউৰিত উঠি মথাউৰিৰে সোণতলীলৈ নিয়াৰ পৰিকল্পনা কৰিছিল ৷ উল্লেখযোগ্য যে পূৰ্বে ছয়গাঁৱৰ গুমি পথেৰে চোৰাং গৰুৰ চালান হৈ আছিল ৷ কিন্ত উক্ত পথটোত আৰক্ষীৰ চোকা পহৰা থকাৰ বাবে চোৰাং গৰু বেপাৰী সকলে পথ সলাই নতুনকৈ কুকুৰমাৰা বৰটাৰী পথটো বাছি লৈছে ৷ এই তথ্য লাভ কৰাৰ পিচতেই ছয়গাঁও আৰক্ষীয়ে কুকুৰমাৰা বৰটাৰী পথটোতো চোকা নজৰ দি আছি ৷ যাৰ ফলত বৃহস্পতিবাৰে চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দ কৰিবলৈ সক্ষম হয় ৷

Leave A Reply