Breaking

ধুবুৰী জিলাৰ গোলকগঞ্জত ৬ টা চোৰাং গৰু সহ বাহন জব্দ

0 2,023

অসম আৰক্ষীৱে গৰু চোৰাং বেহা ৰোধ কৰাৰ বাবে বিগত দিন কেইটাত বহু প্ৰচেষ্টা হাতত লৈছিল যদিও ধুবুৰী জিলাৰ মাজেদি  গোপনে গৰুৰ চোৰাং বেহা অব্যাহত থকাৰ সময়ত যোৱা নিশা প: বংগৰ পৰা পৰা  বাহনৰে চোৰাং গৰু ধুবুৰী জিলাৰ মাজেদি বাংলাদেশ লৈ সৰবৰাহ কৰাৰ সময়ত আৰক্ষীৱে অভিযান চলাই বাহন সহ ৬ টা গৰু জব্দ কৰাৰ ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাৰ সম্পর্কে ধুবুৰী জিলাৰ আৰক্ষী অভিজিৎ গুৱাৰী জনায়, যোৱা নিশা প:বংগৰ পৰা WB-63B,  4552 নম্বৰৰ ভেন গাড়ীৰে চোৰাং গৰু ছাগলীয়া সীমান্তৰে   ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ৰে প্ৰবেশৰ দেখা পাই আগমনী, ছাগলীয়া আৰক্ষীৱে গাড়ীখন ৰখাবলৈ চেষ্টা কৰে। যদিও  চোৰাং কাৰবাৰীৰ দলটোৱে তীব্র বেগৰে গাড়ি লৈ পলাই যাবলৈ চেষ্টা কৰোতে ই আৰক্ষীৱে গাড়ী লক্ষ্য কৰি গুলিবর্ষণ কৰে। বাধ্য হৈ গাড়ী ৰখাই দলটোৱে পলাই যায়। আৰ ক্ষীৱে ঘটনা স্থলীৰ পৰা বাহনটো জব্দ কৰাৰ লগতে ৬ টা চোৰাং গৰু জব্দ কৰে। 

Leave A Reply