যান-বাহন প্ৰদূষণ আৰু চৰকাৰৰ নতুন সিদ্ধান্ত সমূহ…

যিকোনো এটা বিষয় আলোচনা কৰিবলৈ যেতিয়াই হাতত কলম তুলি লওঁ, তেতিয়াই মনলৈ নিজৰ সমাজ বা দেশৰ লগত সেই ক্ষেত্ৰত অন্য কিছুমান সমাজ বা দেশৰ তুলনাত্মক দিশ কিছুমান মনলৈ আহে। অৱশ্যে এনেবোৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে আমি ইউৰোপীয় দেশসমূহ আলোচনাৰ মজিয়ালৈ অনাতকৈ আমাৰ চুবুৰীয়া দেশ জাপানক উদাহৰণ হিচাপে তুলি ধৰিবলৈ পালে ভালপাওঁ। কাৰণ বিভিন্ন দিশত জাপান আমাৰ বাবেই নহয়, সমগ্ৰ পৃথিৱীৰ বাবেও আদৰ্শ। সেইবাবেই যান-বাহন প্ৰদূষণ, চৰকাৰৰ নীতি-নিয়ম, সিদ্ধান্ত আদিবোৰ আলোচনা কৰিবলৈ যাওঁতে মনলৈ আহিল যে জাপানৰ ৰাজপথত সৰহভাগ নতুন গাড়ীয়েই চলা দেখা যায়। ইয়াৰ কাৰণনো কি? ইয়াৰ কাৰণ এয়ে যে গাড়ী বা অন্যান্য যান-বাহনবোৰ যিমানেই পুৰণা হয় সিমানেই বায়ু প্ৰদূষণৰ মাত্ৰা বঢ়ায়। সেয়েহে জাপানত এখন বাহন তিনি বছৰ পুৰণা হোৱাৰ লগেলগেই বাহনখন এটা খৰচী পৰীক্ষাৰ সন্মুখীন হ’ব লগা হয় আৰু ইয়াৰ পিছতো বছৰি এবাৰকৈ বাহনখন পৰীক্ষা-নিৰীক্ষাৰ ব্যৱস্থালৈ আহে। তাত আকৌ “অটোমোবাইল ইন্সপেকচন চিষ্টেম” ইমান খৰচী যে পৰীক্ষা-নিৰীক্ষা কৰি থকাতকৈ মানুহে নতুন এখন গাড়ী লোৱাটোকে পছন্দ কৰে। আচলতে চৰকাৰী ব্যৱস্থাপনাই মানুহক নতুন গাড়ী ল’বলৈ মূলতঃ বাধ্য কৰায়। ফলস্বৰূপে প্ৰদূষণৰ মাত্ৰা কমে। কাৰণ বৰ্তমান পৃথিৱীত মাত্ৰাধিক চৰ্চিত বিষয় হৈ পৰিছে গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ মূল কাৰণ হ’ল প্ৰদূষণ। পৃথিৱীৰ মুঠ প্ৰদূষণৰ ২৭% আহে যান-বাহনৰ পৰা। কাৰণ জীৱাশ্ম ইন্ধন পোৰাৰ লগে লগে নাইট্ৰজেন-ডাই-অক্সাইড সৃষ্টি হয় আৰু সেইবোৰ আমাৰ উশাহত শৰীৰৰ ভিতৰলৈ গৈ নানানটা বেমাৰৰ সৃষ্টি কৰে। বায়ুমণ্ডলৰ ৯৫% কাৰ্বন-মনক্সাইড যান-বাহনৰ পৰাই সৃষ্ট। গতিকে বৰ্তমান সময়ত যান-বাহনৰ ওপৰত কিছু নিয়ন্ত্ৰণ অনাটো জৰুৰী হৈ পৰিছে আৰু পৃথিৱীৰ প্ৰায় সকলো দেশেই এই বিষয়ে চিন্তা-চর্চা কৰিছে আৰু কাৰ্যক্ষেত্ৰত প্ৰয়োগো কৰিছে।

চৰকাৰৰ যান-বাহন বাতিলকৰণ নীতিঃ

ভাৰতবৰ্ষত ২০১৫ চনৰ পৰা বিভিন্ন আঁচনিৰ পৰিকল্পনা কৰি কৰি অৱশেষত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ২০২১ চনৰ কেন্দ্ৰীয় বাজেটত ” Car Scrappage Policy” অন্তৰ্ভুক্ত কৰে। এই পলিচীৰ অধীনত ১৫ বছৰ পুৰণি চৰকাৰী আৰু বাণিজ্যিক চাৰিচকীয়া বাহন আৰু ২০ বছৰ পুৰণি ব্যক্তিগত চাৰিচকীয়া বাহন সমূহ খাৰিজ বা বাতিল অৰ্থাৎ scrap কৰা হ’ব বুলি ঘোষণা কৰা হৈছে। ২০ বছৰৰ অধিক পুৰণি ব্যক্তিগত বাহন যদি ” ফিটনেছ টেষ্ট” পাছ কৰাত ব্যৰ্থ হয় অথবা পুনৰনৱীকৰণ নকৰায়, তেনেহ’লে ২০২৪ চনৰ ১ জুনত পঞ্জীকৰণৰ ম্যাদ আপোনা আপুনি শেষ হৈ যাব আৰু বাহনখন খাৰিজ কৰা হ’ব। বহলাই ক’বলৈ হ’লে ফিটনেছ টেষ্টত ফেইল হোৱাৰ লগেলগে বাহনখন “EOLV” অৰ্থাৎ End of Life Vehicle-অৰ শাৰীত পৰিব। তেতিয়া গাড়ীৰ মালিকক গাড়ীখন scrap কৰিবৰ কাৰণে প্ৰস্তাৱ দিয়া হ’ব RVSF-অত। অৰ্থাৎ Registered Vehicle Scrapping Facility-ৰ অধীনত। এখন বাহনক তিনিবাৰকৈ ফিটনেছ টেষ্টৰ বাবে উপযুক্ত বুলি ধৰা হয়।

       কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ১৫ বছৰ পুৰণা বাহনসমূহ প্ৰথমতে এই “বাতিলকৰণ নীতি”ৰ অধীনলৈ অনা হ’ব। ২০২২ চনৰ এপ্ৰিল মাহৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ হ’ব। ২০২৩ চনটো বাণিজ্যিক বাহনৰ কাৰণে লক্ষ্য হিচাপে লোৱা হৈছে, যদি নিয়মানুসাৰে বাহনসমূহে “ফিটনেছ” প্ৰমাণপত্ৰ দিব নোৱাৰে।

          চৰকাৰৰ ফালৰ পৰা গাড়ী বিক্ৰী প্ৰতিষ্ঠান সমূহক কোৱা হৈছে যে, “scrapping certificate” দেখুওৱা গ্ৰাহকক যাতে পাঁচটা বিভিন্ন ধৰণৰ অতিৰিক্ত সুবিধা দিয়া হয়। চৰকাৰেও ঘোষণা কৰিছে যে যদি এজন গ্ৰাহকে পুৰণা গাড়ী scrap কৰি নতুন গাড়ী লয় তেতিয়াহ’লে ব্যক্তিগত বাহনৰ ক্ষেত্ৰত তিনি বছৰলৈ ২৫% পথ কৰ ৰেহাই দিয়া হ’ব। বাণিজ্যিক বাহনৰ ক্ষেত্ৰত এই কৰ হ’ব ১৫% । খাৰিজকৰণৰ প্ৰমাণপত্ৰ দেখুৱালে নতুন গাড়ী কিনোতে ৫% ৰেহাই দিয়া হ’ব। আকৌ গাড়ী scrap কৰোঁতে মুঠ মূল্যৰ ৪%–৬ % গাড়ীৰ মালিকক দিয়া হ’ব আৰু পঞ্জীয়ন মূল্যও ৰেহাই দিয়া হ’ব।

      পুৰণা যান-বাহনসমূহ খাৰিজ বা বাতিল কৰাটোৰ একমাত্ৰ উদ্দেশ্য কেৱল বায়ু প্ৰদূষণ ৰোধ কৰাই নহয়, গাড়ীসমূহৰ পুনৰনৱীকৰণে ইয়াৰ ষ্টীল, ক’পাৰ,প্লাষ্টিক আদি প্ৰয়োজনীয় সামগ্ৰীসমূহ পুনৰব্যৱহাৰযোগ্য কৰি তোলে ফলত গাড়ীৰ নিৰ্মান ব্যয় কম হয়। এই পলিচীৰ অন্যতম উদ্দেশ্য হ’ল মানুহক সুলভ মূল্যত নতুন গাড়ী ক্ৰয় কৰাৰ বাবে উৎসাহিত কৰা।

       এই পলিচীৰ অধীনলৈ ২০ বছৰৰো অধিক পুৰণি প্ৰায় ৫১ লাখ লঘু মটৰ বাহন আৰু ১৫ বছৰ অধিক পুৰণি ৩৪ লাখ অন্য বাহন আৰু ১৫ লাখ মধ্যমীয়া আৰু গধুৰ বাহন আহিব যিবোৰৰ “ফিটনেছ চাৰ্টিফিকেট” নাই।

      এতিয়া প্ৰশ্ন হয় এই পলিচীৰ পৰা চৰকাৰৰ কি লাভ হ’ব? পুৰণি গাড়ী বাতিল বা খাৰিজ কৰি নতুন গাড়ী কিনিলে চৰকাৰৰ ঘৰলৈ বছৰি প্ৰায় চল্লিছ হাজাৰ কোটি জি. এছ. টি. আহিব। ইয়াৰ ফলত ৰেভিনিউ ও বাঢ়িব।

          উল্লেখযোগ্য যে এই যান-বাহন নীতিৰ ক্ষেত্ৰত Vintage Car ধৰা হোৱা নাই।

ইলেক্ট্রিক ভেহিকল পলিচী অব আছামঃ

যোৱা ২০ আগষ্টত কেবিনেটে এক গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ জৰিয়তে গুৱাহাটীৰ ৰাজপথত ২০০ খন বিদ্যুৎচালিত চিটিবাছ আৰু ১০০ খন কম্প্ৰেছড নেচাৰেল গেছ (চি এন জি) চালিত বাছ চলোৱাৰ বাবে আঁচনি গ্ৰহণ কৰে। এই সিদ্ধান্ত অনুসৰি পর্যায়ক্ৰমে গুৱাহাটী মহানগৰীত ডিজেল আৰু পেট্ৰ’লচালিত চিটীবাছসমূহ বন্ধ কৰা হ’ব। প্ৰথম পৰ্যায়ত চৰকাৰে এই ক্ষেত্ৰত ৰাজ্যিক পৰিবহণ নিগমৰ বাছসমূহ লক্ষ কৰি লৈছে। উল্লেখযোগ্য যে বিদ্যুৎচালিত যান-বাহন সমূহ সম্পূৰ্ণ প্ৰদূষণ মুক্ত। আমি জনা উচিত যে দেশৰ ভিতৰত একমাত্ৰ দিল্লীত সকলো ৰাজহুৱা পৰিবহনৰ বাছ চি. এন. জি চালিত আৰু দিল্লী চৰকাৰে ২০২৪ চনৰ ভিতৰত দিল্লীৰ ২৫% যান-বাহন বিদ্যুৎচালিত কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছে। গুৱাহাটীত যি হাৰত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাই আহিছে তালৈ লক্ষ্য ৰাখি চৰকাৰে অতি সোনকালে ৰাজ্যিক পৰিবহণ নিগমৰ বাছসমূহ বিদ্যুৎচালিত কৰাৰ লক্ষ্য স্থিৰ কৰা উচিত। অৱশ্যে ২০৩০ চনৰ ভিতৰত সকলো চৰকাৰী বাহন ইভিলৈ পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত চৰকাৰে ঘোষণা কৰিছে যদিও ইয়াৰ ফলাফল সময়তহে জানিব পৰা যাব। “ইলেক্ট্রিক ভেহিকল পলিচী অব আছাম”ৰ জৰিয়তে পথ কৰ ,পাৰ্কিং মাচুল,পঞ্জীয়ন মাচুল ১০০% ৰেহাই ইত্যাদি আৰু ৰাজসাহায্য ঘোষণাৰ জৰিয়তে এই বাহন ক্ৰয় কৰাৰ বাবে জনসাধাৰণক উৎসাহিত কৰাৰ পদক্ষেপো  অসম চৰকাৰে লোৱা আমি দেখিবলৈ পাইছোঁ। প্ৰদুষণমুক্ত পৰিবেশ গঢ়ি তুলিবলৈ পৃথিৱীৰ প্ৰতিখন দেশেই বিদ্যুৎচালিত বাহন প্ৰচলনৰ ক্ষেত্ৰত তৎপতাৰে আগ-ভাগ লোৱা দেখা গৈছে।

তৰুণ প্ৰজন্মৰ শংকা আৰু প্ৰদূষণমুক্ত পৃথিৱীৰ আশাঃ

আগতেই উল্লেখ কৰা হৈছে যে বৰ্তমান সময়ৰ অতিকে চৰ্চিত বিষয় এটা হৈছে পৰিৱেশ প্ৰদূষণ আৰু গোলকীয় উষ্ণতা বৃদ্ধি, যাৰ কাৰণে চিকিৎসা বিজ্ঞানৰ চমৎকাৰ উন্নতিৰ পিছতো মানৱ সমাজে নিত্য নতুন আৰু ভয়াবহ বেমাৰ তথা স্বাস্থ্যজনিত নানানটা সমস্যাত ভুগিবলগীয়া হৈছে। প্ৰদূষিত  বায়ুৰ বাবে এটা বছৰতে বিশ্বজুৰি ৭০ লাখ লোকে প্ৰাণ হেৰুৱাইছে বুলি বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদনত প্ৰকাশ। দক্ষিণ এছিয়াৰ ১০০% লোক প্ৰদূষিত অঞ্চলত বাস কৰে। অতি পৰিতাপৰ কথা যে আজিৰ তৰুণ প্ৰজন্মই এই ভয়াবহ প্ৰদূষণৰ শাৰীৰিক আৰু মানসিক দুয়োটা ফলেই ভোগ কৰিবলগীয়া হৈছে। তেওঁলোকৰ মনত বাঢ়ি অহা শংকাৰ ফলত তেওঁলোকৰ সন্তান জন্ম দিয়াৰ ইচ্ছা নোহোৱা হৈ আহিছে। কাৰণ তেওঁলোকে নিবিচাৰে যে তেওঁলোকৰ পিছৰ প্ৰজন্ম এনে এক ভয়াবহ পৰিৱেশৰ মাজত জন্ম লাভ কৰক আৰু এক বিষাক্ত পৃথিৱীৰ বাসিন্দা হওক। বিভিন্ন দেশৰ তৰুণ প্ৰজন্মৰ মাজত চলোৱা সমীক্ষাত এই তথ্য প্ৰকাশ। গতিকে পৃথিৱীৰ প্ৰতিখন দেশেই প্ৰদূষণৰ বিভিন্ন দিশৰ প্ৰতি লক্ষ্য ৰাখি সেইমতে নিজ নিজ দেশত প্ৰদূষণ ৰোধ কৰিবলৈ চেষ্টা কৰা উচিত আৰু যান-বাহনে যিহেতু বায়ু প্ৰদূষণৰ ক্ষেত্ৰত বিশেষ ভূমিকা লয়, গতিকে এই ক্ষেত্ৰত চৰকাৰসমূহে অতি দায়বদ্ধতাৰে ৰাজনীতিৰ উৰ্দ্ধত  থাকি ১০০% যান-বাহন বিদ্যুৎচালিত বা প্ৰয়োজনত সৌৰ-শক্তি চালিত কৰাৰ ক্ষেত্ৰত কাৰ্যকৰী নীতি গ্ৰহণ কৰাটো আমাৰ কাম্য। আমাৰ কাম্য ভাৰত চৰকাৰে ২০৩০ চনৰ ভিতৰত ‘এশ শতাংশ বৈদ্যুতিক বাহন চলা ৰাষ্ট্ৰ’ নিৰ্মাণৰ যি লক্ষ্য আগত ৰাখিছে সেই লক্ষ্য পূৰণ কৰিবলৈ চৰকাৰখনে অহোপুৰুষাৰ্থ কৰক আৰু সফল হওক।

লেখকঃ  শিখামণি দত্ত

Related Articles