প্ৰবীণ অভিনেতা সমীৰ খাখৰৰ ৭১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ…

প্ৰবীণ অভিনেতা সমীৰ খাখৰে ৭১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ। ৮০ৰ দশকৰ টিভি শ্ব ‘নুক্কাড়’ৰ জনপ্ৰিয় ‘খোপড়ী’ৰ চৰিত্ৰ ৰূপায়ন কৰিছিল সমীৰ খাখৰে।৭১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় অভিনেতা সমীৰ খাখৰে।শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগিছিল অভিনেতা সমীৰ খাখৰে।

ঘৰত চাবলৈ অহা ডাক্তৰে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰাৰ পৰামৰ্শ দিলে।প্ৰয়াত অভিনেতাগৰাকীৰ কনিষ্ঠ ভাতৃ গণেশ খাখৰে কয় যে শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ অভিযোগত তেওঁক মুম্বাইৰ বৰিভালিৰ এম এম হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও আৰোগ্য হৈ নুঠিল অবিনেতাগৰাকী।

Related Articles