Breaking

তামুলপুৰত পশুচিকিৎসা শিবিৰ

0 34

বি টি আৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত তামুলপুৰ মহকুমা পশুপালন আৰু পশুচিকিৎসা বিভাগৰ অন্তৰ্গত তামুলপুৰ খণ্ড পশু পালন আৰু চিকিৎসালয়ৰ উদ্যোগত বৃহত্তৰ অময়াপুৰ-পশ্চিম অময়াপুৰত শনিবাৰে অঞ্চলটোৰ পশু পালকসকলৰ সহায়ক হোৱাকৈ এটি পশু চিকিৎসা তথা সজাগতা শিবিৰ অনুষ্ঠিত কৰা হয়।

পুৱা আনুষ্ঠানিক ভাৱে পশুচিকিৎসা আৰু সজাগতা শিবিৰৰ শুভ উদ্বোধন কৰে যুৱ সমাজকৰ্মী বানেশ্বৰ বড়োৱে৷


শিবিৰত ডাঃ বলেন্দ্ৰ চৌধুৰী আৰু ডাঃ মমতা পাঠকে গৰু -ছাগলীৰ বিভিন্ন ৰোগৰ লগতে লাম্পী ভাইৰাছৰ লক্ষণ তথা নিৰাময়ৰ উপায়, ঔষধৰ প্ৰয়োগ আদিৰ বিষয়ে বক্তব্য ৰাখি কৃষক সকলক উপকৃত কৰে ৷

শিবিৰত দুয়োখন পশু চিকিৎসালয়ৰ পেৰামেডিকেল ষ্টাফৰ এটি দলে সহায় সহযোগ আগবঢ়ায়। বৃহত্তৰ অময়াপুৰ অঞ্চলটোত লাম্পী ভাইৰাছত বহু পশুধন আক্ৰান্ত হৈছিল।

তাৰেই পৰিপেক্ষিতত আজি এসপ্তাহ ধৰি লাম্পী ভাইৰাছৰ উপৰিও আন আন পশুধনৰ বিভিন্ন ৰোগৰ প্ৰতিষেধক ছিটা প্ৰদান কৰি আহিছে৷ চিকিৎসা বিষয়া সকলে জনোৱা মতে অঞ্চলটোৰ প্ৰায় দুই হেজাৰ পশুধনক প্ৰতিষেধক ছিটা প্ৰদান কৰা হয়।

শিবিৰটো পৰিচালনা কৰাৰ ক্ষেত্ৰত স্থানীয় লোকসকলে সহায়-সহযোগ আগবঢ়ায়৷

Leave A Reply