Breaking

কটন বিশ্ববিদ্যালয়ত বিশেষ কাৰ্যসূচীত ভাগ ল’ব উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ে

0 64

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ে ৩০ অক্টোবৰ, সোমবাৰে কটন বিশ্ববিদ্যালয়ত এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

উক্ত দিনা উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ অধ্যাপক, শিক্ষাৰ্থী আৰু কৰ্মচাৰীসকলৰ সৈতে ১ ঘণ্টীয়া মত বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উক্ত অনুষ্ঠানত উপস্থিত থাকিব। লগতে অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ বিশেষ ব্যক্তিসহ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।

Leave A Reply