Breaking

পত্নী কেটৰিনা কাইফৰ অবিহনে খঙাল হৈ পৰে বিকি কৌশল! অনুৰাগীয়ে সুধিলে – ‘সকলো ঠিকে আছেনে’?

0 95

পত্নী কেটৰিনা কাইফৰ অবিহনে খঙাল হৈ পৰে বিকি কৌশল! অনুৰাগীয়ে সুধিলে – ‘সকলো ঠিকে আছেনে’? ছচিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে ভিকি কৌশলৰ এটা ভিডিঅ’, য’ত তেওঁক খঙত দেখা গৈছে। এই ভিডিঅ’টো পামেলা চোপ্ৰাৰ প্ৰাৰ্থনা মিটৰ, য’ৰ পৰা অভিনেতাগৰাকীয়ে পত্নী কেটৰিনা কাইফ নোহোৱাকৈ ওলাই আহি নিজৰ গাড়ীত বহি অকলে গুচি যায়। বিকি কৌশল আৰু কেটৰিনা কাইফৰ যুটি বলীউডৰ অন্যতম ৰোমান্টিক দম্পতীৰ ভিতৰত গণ্য কৰা হয়। শেহতীয়াকৈ এটা ভিডিঅ’ চোৱাৰ পিছত এই দম্পতীৰ অনুৰাগীয়ে সন্দেহ কৰিছে যে তেওঁলোকৰ মাজত কোনো ধৰণৰ বিভাজন বা কাজিয়া সৃষ্টি হৈছে নেকি।

এই ভিডিঅ’টোত পামেলা চোপ্ৰাৰ প্ৰাৰ্থনা মিটৰ পৰা ওলাই অহা দেখা গৈছে বলীউডৰ অভিনেতা বিকি কৌশলক। আপোনালোকক কওঁ যে কেটৰিনা কাইফ আৰু ভিকি একেলগে ভিতৰলৈ গৈছিল যদিও দুয়োকে একেলগে ওলাই অহা দেখা পোৱা নাছিল। প্ৰথমে আপোনালোকেও চচিয়েল মিডিয়াত ভাইৰেল হৈ থকা এই ভিডিঅ’টো চাওক-

Leave A Reply