Breaking

ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে দ্ৰৌপদী মূৰ্মক নিৰ্বাচিত কৰাত শ্ৰীৰামপুৰত বিজয় উল্লাস…

0 90

আনন্দৰ বন্যাৰে ধুসৰিত হৈ পৰিছে বৃহওৰ শ্ৰীৰামপুৰ অঞ্চল ৷এই আনন্দ ফূৰ্তিৰ উৎসৰ কেন্দ্ৰ বিন্দু ভাৰতৰ ইতিহাসৰ পট পৰিৱৰ্তনৰে আদিবাসী সম্প্ৰদায়ৰ দ্ৰৌপদী মূৰ্মক ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰাৰ বাবে ৷সেই সুবাদত আজি শ্ৰীৰামপুৰত পৃথকে পৃথকে দ্ৰৌপদী মূৰ্মক ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰাত শ্ৰীৰামপুৰ সমষ্টিৰ এম চি এল এ সজল সিংহৰ উদ্দোগত শ্ৰীৰামপু হাইস্কুল খেলপথাৰত আদিবাসী সম্প্ৰদায়ৰ চাওতাল সকলে নাচি -বাগি নানাধৰণৰ নৃত্য আৰু ফটকা ফুটাই বিজয় উৎসৱ পালন কৰে ৷

ইউ পি পি এল দলৰ শ্ৰীৰামপুৰ ব্লক সমিতিয়েও বিজয় উৎসৱ পালন কৰি বিশাল ৰেলী কৰে ৷বিজয় উৎসৱত বি টি আৰৰ ই এম উইলছন হাসদা ,বিধায়ক জিৰণ বসুমাতাৰী উপস্থিত থাকি বিজেপি চৰকাৰে এক ইতিহাস ৰচনা কৰি ভাৰতবৰ্ষ স্বাধীনতাৰ পিছত পোন প্ৰথমবাৰৰ বাবে আদিবাসী চাঁওতাল সম্প্ৰদায়ৰ দ্ৰৌপদী মূৰ্মক ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত কৰি চৰকাৰখনে এক মহানুভৱতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে ৷আদিবাসী ছিংগল অভিযানেও শ্ৰীৰামপুৰত বিজয় উৎসৱ পালন কৰি ৰেলী কৰে ৷

গোসাইগাঁৱৰ পৰা আজিজুল হকৰ ৰিপৰ্ট

Leave A Reply