Breaking

বিজয়-ৰশ্মিকাৰ বিবাহৰ উৰাবাতৰি! ক’লে, ফেব্ৰুৱাৰীত মোৰ এংগেজমেণ্ট বা বিবাহ নহয়…

0 18

কিছুদিনৰ পৰা ৰশ্মিকা মান্দনা আৰু বিজয় দেৱেৰাকোণ্ডাৰ এংগেজমেণ্টৰ খবৰ ওলাই আহিছে। এতিয়া এই সন্দৰ্ভত বিজয় দেৱেৰাকোণ্ডাই নিজৰ মৌনতা ভংগ কৰিছে। বিগত কেইবাদিনো ধৰি বিজয় দেৱেৰাকোণ্ডা আৰু ৰশ্মিকা মাণ্ডন্নাক লৈ এক আলোচনা চলি আছে যে দুয়োৰে অতি সোনকালে এংগেজমেণ্ট হ’ব। এতিয়া অভিনেতাগৰাকীয়ে তেওঁৰ উৰাবাতৰিৰ প্ৰেমিকা ৰশ্মিকাৰ সৈতে এংগেজমেণ্টৰ উৰাবাতৰিৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এক অনুষ্ঠানত বিজয়ে কয়, ‘মই ফেব্ৰুৱাৰী মাহত কোনো এংগেজমেণ্ট বা বিবাহ কৰিবলৈ লোৱা নাই। এনে লাগে যেন সংবাদ মাধ্যমৰ মানুহে মোক দুবছৰৰ মূৰে মূৰে বিয়া পতাব বিচাৰে। প্ৰতি বছৰে নিজৰ বিষয়ে এনে খবৰ শুনিবলৈ পাওঁ।

শেহতীয়াকৈ বিজয় দেৱেৰাকোণ্ডা আৰু ৰশ্মিকাক মালদ্বীপত ছুটী উপভোগ কৰা দেখা গৈছিল। যদিও দুয়োজনে নিজৰ একক ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। আচলতে ৰশ্মিকাই বিজয়ৰ ছানগ্লাছ পিন্ধি ফটো শ্বেয়াৰ কৰিছিল, যাৰ বাবেই তেওঁৰ গোপন ভ্ৰমণৰ কথা পোহৰলৈ আহিছিল।

Leave A Reply