Breaking

মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত অসমৰ ৬ খনকৈ গাঁও অৰুণাচল প্ৰদেশত অন্তৰ্ভুক্ত কৰাৰ দাবী গাঁৱবাসী তথা অৰুণাচলী লোকৰ

0 593

অৰুণাচল প্ৰদেশৰ দীৰ্ঘদিনীয়া সীমাবিবাদ নিষ্পত্তি কৰাৰ এক অংশ স্বৰূপে যোৱা ইংৰাজী ৩ছেপ্তেম্বৰ তাৰিখে মাৰ্ঘেৰিটা মহকুমাৰ ৰাংৰিংকান গাঁৱত অসম চৰকাৰ আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ মাজত নামচাই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল।সেই চুক্তিৰ পৰা বাদ পৰিছিল অসমৰ ৬খনকৈ বিবাদিত গাওঁ। প্ৰকৃততে এই ৬ খন গাওঁ অসমৰ যদিও গাঁও কেইখনত বসবাস কৰা লোকসকলে আৰু অৰুণাচলী লোকে গাওঁ কেইখন অৰুণাচলৰ বুলি দাবী উত্থাপন কৰিছিল।উক্ত বিবাদিত গাওঁ কেইখন আজি অসম চৰকাৰ আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ প্ৰতিনিধিয়ে স্বৰজমিন তদন্ত কৰাৰ উপৰিও গাঁৱত বসবাস কৰা লোকসকলৰ মতামত গ্ৰহণ কৰে।

তদন্ত কালত বিবাদিত ৬খন গাঁও ক্ৰমে আইছেংকান, য়পাখান, ১,২, আৰু ৩নং মালৌ গাওঁ আৰু সঞ্জু ৱাৰা গাওঁ কেইখনৰ লোকে মুকলিকৈ গাওঁ কেইখন অৰুণাচল প্ৰদেশত অন্তৰ্ভুক্ত কৰাৰ দাবী উত্থাপন কৰা দেখা যায়।ইয়াৰোপৰি অসমৰ এক বৃহত্তৰ ভূখণ্ড অৰুণাচল প্ৰদেশত অন্তৰ্ভুক্ত কৰাৰ দাবী উত্থাপন কৰে গাওঁ বাসী তথা অৰুণাচলী লোকে।এই ভুখণ্ডৰ ভিতৰত আছে লেখাপানী সংৰক্ষিত বনাঞ্চলৰ ১৩৯৬ হেক্টৰ , চালেকি সংৰক্ষিত বনাঞ্চলৰ ২৯৪০ হেক্টৰ, টীপং সংৰক্ষিত বনাঞ্চলৰ ৪৪৫.১৫ হেক্টৰ, পাহৰপুৰ সংৰক্ষিত বনাঞ্চলৰ ১৬৬ হেক্টৰ, টিৰাপ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ ৩০১৮ হেক্টৰ, টীপং প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ ২০১৫ হেক্টৰ আৰু ধালাই প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ ২৪৪ হেক্টৰ ভূমি,ইয়াৰোপৰি উক্ত গাঁও কেইখনৰ সীমা অসমৰ ৩১৫নং আৰু ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পৰা নিৰ্ধাৰণ কৰাৰ দাবী উত্থাপন কৰিছে অৰুণাচলী লোকে।

Leave A Reply