Breaking

নিৰ্বাচনী বতৰত মাজবাটত গাঁবে গাঁবে : খণ্ড খণ্ডকৈ দেখিবলৈ পোৱা গৈছে বিজেপি মহিলা দলৰ তীব্ৰতৰ প্ৰচাৰ কাৰ্য্য

0 2,059

নিৰ্বাচনৰ দিন যিমানেই কাষ চাপি আহিছে সিমানেও ব্যস্ত হোৱা দেখা পোৱা গৈছে বিভিন্ন দলৰ নেতা কাৰ্যকৰ্তাৰ মাজত । সমগ্ৰ অসমত নিৰ্বাচনী কুচ কাৱাজ চলি থকা সময়তে মাজবাটত দেখিবলৈ পোৱা গৈছে এক বিৰল দৃশ্য । মাজবাট বিধানসভা সমষ্টিৰ প্ৰায় বোৰ গাঁৱতে বিজেপি কাৰ্য্যকৰ্তা সকলৰ সমানেই  এতিয়া শ শ সাধাৰণ  মহিলাসকলে  গাঁবে গাঁবে খণ্ড খণ্ডহৈ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী জিতু কিষানৰ হৈ  তীব্ৰতৰ হৈ প্ৰচাৰ চলাই ফুৰাৰ লগতে হাতে হাতে বিজেপি দলৰ বেনাৰ পোষ্টাৰ লৈ প্ৰত্যেক গাঁওতে নিজে নিজে বেনাৰ পোষ্টাৰ লগোৱাৰ কামত  মহিলা সকলে  নিজকে নিয়োগ কৰা দেখা পোৱা গৈছে । মাজবাটত এইদৰে সৰহ সংখ্যক লোকে বিজেপি দলৰ হৈ প্ৰচাৰ কৰি ফুৰা ঘটনাক লৈ সহজতে অনুমান কৰিব পাৰি যে নিঃসন্দেহে বিজেপি প্ৰাৰ্থী  জিতু কিষাণৰ লগত বিৰোধীয়ে  মোকবিলা কৰাটো ইমান সহজ সাধ্য নহব ।
বহু বছৰ ধৰি  মাজবাটৰ বিজেপি ভেটি শক্তিশালী কৰাত যথেষ্ট কষ্ট কৰি অহা  যুৱ নেতা সক্ৰিয় বিজেপি কৰ্মী তথা প্ৰাক্তন মাজবাট মণ্ডল যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি কিশোৰ শৰ্মাই জানিব পৰা মতে বিজেপিৰ লগত বৰ্তমান ৰাইজ আছে ৰাইজে বিজেপি চৰকাৰে কৰা উন্নয়ন দেখিছে । বিজেপি চৰকাৰে আমাৰ বিপদকালীন অৱস্থাত কৰনাৰ দৰে মহামাৰীৰ সময়তো অসম বাসী ৰাইজক যথা সম্ভৱ সকাহ দিয়াৰ চেষ্টা কৰিছে । তাতে ৰাইজ সন্তুষ্ট ৰাইজে বিজেপি চৰকাৰ অহাৰ পৰা  বিশেষকৈ BTR বাসী ৰাইজ শান্তিত আছে আজিৰ দিনত ৰাতি বাৰ বজাতো নিজৰ সূচী মতে  ঘূৰি ফুৰিলেও কোনো শুধোতা নাই । আৰু আগৰ কংগ্ৰেছৰ দিনত সন্ধিয়া ছয় বজাৰ লগে লগে ঘৰ সুমাব লগীয়া অৱস্থা আছিল । লগতে কিশোৰ শৰ্মাই কয় যে মাজবাট বাসী ৰাইজে যিহেতু জীৱনত প্ৰথম বাৰ বিজেপি দলৰ বিধায়ক এজন জয় কৰোৱাৰ এই সুবৰ্ণ সুযোগ ৰাইজে পাইছে আৰু এই সুযোগ ৰাইজে কেতিয়াও নেহেৰুৱাই ৰাইজে বিজেপি প্ৰাৰ্থী জিতু কিষানক মাজবাটৰ বিধায়ক হিচাপে বাচি লোৱাৰ সিদ্ধান্ত ইতিমধ্যেই লৈ পেলাইছে ৷ইয়াত কোনো মহা-গঠবন্ধনৰ প্ৰভাৱ নপৰে বুলি মাজবাটৰ যুৱ নেতা কিশোৰ শৰ্মাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।

Leave A Reply