Breaking

দিল্লীত আন্দোলনৰত কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত হিংসাত্মক ঘটনা : আৰক্ষীৰ গােচৰ ৰুজু

0 2,044

ৰাজধানী দিল্লীত কৃষি আইন কেইখনৰ বাতিলৰ দাবীত আন্দোলনৰত কৃষকে উলিওৱা ট্ৰেক্টৰ ৰেলীৰ সময়ত কৰা হিংসাত্মক ঘটনাৰ বাবে দিল্লী আৰক্ষীয়ে গােচৰ ৰুজু কৰিছে। আইন উলংঘা কৰা, হিংসাত্মক কার্যত লিপ্ত হােৱা, ৰাজহুৱা সম্পত্তি ক্ষতি কৰা আৰু চৰকাৰী বিষয়াক আক্ৰমণ কৰাৰ বাবে এই গােচৰ ৰুজু কৰা হৈছে।

কেন্দ্রীয় গৃহমন্ত্রী  অমিত শ্বাহ য়ে কালি ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্রতিবাদকাৰী কৃষকসকলে সৃষ্টি কৰা পৰিস্থিতি পর্যালােচনা কৰে। আৰু এই পর্যালােচনা বৈঠকত দিল্লীত অর্ধসামৰিক বাহিনীৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰা হয়।

Leave A Reply