Breaking

মাণিকপুৰত টেম্পুুসহ ভি আই পি ছাগলী চোৰ আটক

0 1,049

বঙাইগাওঁ জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মাণিকপুৰৰ পৰা দুটা ছাগলী চুৰ কৰি লৈ গৈ থাকোতে ছাগলীৰ গৰাকীয়ে পিছে পিছে খেদি গৈ চাপৰাকাত আগভেটি দিয়াত টেম্পু দখাইত বাগৰি পৰে। স্থানীয় ৰাইজে চোৰক কৰায়ত্ব কৰি নৰ্ড বঙাইগাঁও থানাত সমজায় দিয়ে।ছাগলী দুটা মাণিকপুৰ থানাৰ অন্তৰ্গত মৌখোৱা আৰু বৰবিলা গাৱৰ ছাগলী হোৱা বাবে চোৰসহ ছাগলী মাণিকপুৰ থানালৈ হস্তান্তৰ কৰে। মাণিকপুৰ আৰক্ষীয়ে ছাগলীৰ গৰাকী বৰবিলাৰ চন্দন নাথ আৰু মৌখোৱাৰ অমৃত ৰায়ক ছাগলী সমজায় দিয়ে।উল্লেখ্য যে ইয়াৰ কিছু দিন পূৰ্বেও চন্দন নাথৰ ফাৰ্মৰ পৰা ছাগলী চোৰ কৰা বুলি স্বীকাৰ কৰে। এই সংক্ৰান্তত MPS/506/under section 380 IPC গোচৰ ৰুজু হৈ আছে।

আটকাধীন চোৰ দুইজন ক্ৰমে আব্দুল হুছেইন, ঢালি গাওঁৰ ছাতিপুৰ তিনিআলি। ফকৰুদ্দিন, দলাইগাও উজানপাৰাৰ বুলি জানিব পৰা গৈছে। চুৰি কাৰ্যত ব্যৱহৃত হোৱা টেম্পু খনৰ নম্বৰ AS 26, C4048. ইতিমধ্যে দুয়োজনকে জেল হাজোতলৈ প্ৰেৰণ কৰে।

Leave A Reply