Breaking

ভাৰত বনাম দক্ষিণ আফ্ৰিকাঃ টি২০ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক ৰাণ সংগ্ৰহৰ অভিলেখ গঢ়িলে কোহলীয়ে

0 66

টি২০ বিশ্বকাপৰ ইতিহাসত ১০০০ ৰাণ সংগ্ৰহ কৰা দ্বিতীয়জন বেটাৰ হিচাপে পৰিগণিত হৈছে বিৰাট কোহলী। দক্ষিণ আফিকাৰ বিৰুদ্ধে কৰা ১২ ৰাণৰ সৰু ইনিংছটোৰ দ্বাৰা এই অভিলেখ গঢ়িবলৈ সক্ষম হয় তেওঁ।

কোহলীৰ পূৰ্বে শ্ৰীলংকাৰ মাহেলা জয়াবৰ্ধনে টি২০ বিশ্বকাপৰ ইতিহাসত ১০০০ ৰাণ কৰিবলৈ সক্ষম হৈছিল। কোহলীৰ আগলৈকে বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক ৰাণসংগ্ৰহৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছিল ৱেষ্ট ইণ্ডিজৰ ক্ৰিছ গেইল।

১০০০ ৰাণ সংগ্ৰহ কৰাৰ উপৰিও বিৰাট কোহলীৰ নামত বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক অৰ্ধশতকৰ তালিকাটো শীৰ্ষত আছে। এতিয়ালৈকে তেওঁ বিশ্বকাপত ১২ টা অৰ্ধশতক কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ব্যৰ্থ হ’লেও চলিত বিশ্বকাপত দুৰ্দান্ত ফৰ্মত আছে কোহলী। পাকিস্তানৰ বিৰুদ্ধে ৮২ আৰু নেদাৰলেণ্ডৰ বিৰুদ্ধে কৰিছে ৬২ ৰাণ।

বিশ্বকাপৰ বাদেও টি২০ ক্ৰিকেটত এতিয়ালৈকে সৰ্বাধিক ৰাণ সংগ্ৰহৰ তালিকাতো কোহলীয়ে শীৰ্ষত আছে। বৰ্তমানলৈকে তেওঁ ৩৮৬৮ ৰাণ সংগ্ৰহ কৰিছে। তেওঁৰ পাছতে আছে ৰোহিত শৰ্মা।

কেৱল সেয়াই নহয়, ৩৬ টা অৰ্ধশতকেৰে টি২০ ক্ৰিকেটত সৰ্বাধিক অৰ্ধ শতক অৰ্জন কৰা বেটাৰৰ তালিকাতো কোহলী শীৰ্ষত আছে।

Leave A Reply