Breaking

১২ ৰাণতে ক্ষান্ত বিৰাট কোহলি : ডু প্লেছিছ বাহিনীৰ জয়

0 28

মহাৰাষ্ট্ৰত সগৌৰৱেৰে অব্যাহত আছে এই ছিজনৰ ক্ৰিকেটৰ সৰ্ববৃহৎ টুৰ্ণামেন্ট আই পি এল ।বুধবাৰে আই পি এলৰ ষষ্ঠ খন মেচত অৱতীৰ্ণ হ’ল ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু বনাম কলকাতা নাইট ৰাইডাৰ্ছ ।ল স্কৰিং মেচত জয়ৰ মালা পিন্ধিলে প্লেছিছৰ নেতৃত্বৰ দল আৰ চি বিয়ে । প্ৰথমে বেটিং কৰে শ্ৰেয়াস আয়াৰ বাহিনীয়ে । পিছে বিপক্ষ দল আৰ চি বিৰ বলিং ত্রাসত সেও মানিলে কলকাতা নাইট ৰাইডাৰ্ছে। খহিলে এটাৰ পাছত আনটো উইকেট । ৱানিনডু হাছৰাংগাৰ দৰে দুৰ্দান্ত বলেৰে ৪ উইকেটৰ পতন ঘটালে । ফলত অল আউট হৈ ১৮ অভাৰ ৫ টা বলত কলকাতাই সংগ্ৰহ কৰে মাত্র ১২৮ ৰাণ । কলকাতাৰ হৈ আণ্ড্ৰে ৰাছেলে ২৫, উমেশ যাদৱে ১৮ ছাম বিলিংছে ১৪ ৰাণৰ বৰঙণি যোগায় । অধিনায়ক হিচাপে ১০ টা বলত ১৩ ৰাণ কৰিয়েই আউট হয় শ্ৰেয়াস আয়াৰ ।

জয়ৰ বাবে সহজ লক্ষ্য লৈ বেটিঙত নামি পৰিল আৰ চি বি । পিছে বলিঙত কলকাতাই দেখুৱালে পৰাক্ৰম । আৰ চি বিৰো পতন ঘটিল এটাৰ পাছত আনটো উইকেট । বলিঙত কলকাতাৰ হৈ টীম ছাউথিয়ে অকলেই ললে তিনিটা উইকেট । আৰ চি বিৰ হৈ ছেৰফান ৰাডাৰফৰ্ডে ২৮, ছাহবাজ আহমেদে ২৭ আৰু ডেভিদ উইলিয়ে ১৮ ৰাণৰ বৰঙণি যোগায় । পূৰ্বৰ আৰ চি বিৰ অধিনায়ক বিৰাট কোহলীয়ে ২ টা চাৰিসহ ৭ টা বলত ১২ ৰাণ সংগ্ৰহ কৰি পেভেলিয়নলৈ উভতে ।

জয়ৰ বাবে ৰণক্ষেত্রত মৰণপণ যুঁজ দিলে শ্ৰেয়াস আয়াৰ বাহিনীয়ে । অন্তিম পৰ্যায়লৈকে দৰ্শকে ধৰিব পৰা নাছিল কোনটো দল জিকিব । ইতিমধ্যেই ৭ টা উইকেটৰ পতন ঘটাইছিল কলকাতাই । অৱশেষত বহু যুজঁৰ নায়ক তথা পূৰ্বতে নাইট ৰাইডাৰ্ছৰ হৈ খেলা দীনেশ কাৰ্তিকৰ বিক্ৰমত জয়ী হ’ল দলটো । দীনেশে ৭ টা বলত ১ টাকৈ চাৰি আৰু ছয় কোবাই ১৪ ৰাণত অপৰাজিত হৈ ৰয় । কলকাতাৰ আশাত চেঁচা পানী ঢালি ১৯ অভাৰ ২ টা বলত ১৩২ ৰাণ কৰি ৩ উইকেটত জয়ী হয় আৰ চি বি ।
এককথাত অধিনায়ক হিচাপে আৰ চি বিৰ অধিনায়ক ফাফ ডু প্লেছিছ হ’ল সফল । আনহাতে, এই ছিজনত নিজা প্ৰথমখন মেচত জয়ী হ’লেও দ্বিতীয় মেচত উজুতি খালে আয়াৰ বাহিনীয়ে ।

Leave A Reply