Breaking

আই পি এলত বিৰাট কোহলীৰ নতুন হেয়াৰষ্টাইলে আকৰ্ষণ কৰিছে অনুৰাগীক…

0 22

চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত খেলপথাৰলৈ উভতি অহাৰ পূৰ্বে বিৰাট কোহলীকো এক নতুন হেয়াৰষ্টাইলত দৰ্শকে দেখিবলৈ পাইছে৷ বিৰাটে ক্ৰীড়াৰ সৈতে যেন ফেশ্বনৰ নতুন প্ৰৱণতাৰ সুন্দৰ সংমিশ্ৰণ ঘটাবলৈ সক্ষম হৈছে৷
এই কথাই প্ৰমাণ কৰিছে যে বিৰাট কোহলীয়ে কেৱল ২২ গজতে চাৰি আৰু ছয় মাৰিব নোৱাৰে, তেওঁ ফেশ্বনৰ ক্ষেত্ৰতো দুৰ্ধৰ্ষ। শেহতীয়াকৈ, বিৰাটৰ আকৰ্ষণীয় হেয়াৰষ্টাইল কৰা ব্যক্তিগৰাকী হৈছে চেলিব্ৰিটি হেয়াৰড্ৰেছাৰ আলিম হাকিম। আলিম হাকিমে অতীততো এম এছ ধোনীৰ দৰে ক্ৰিকেটাৰসকলৰ হেয়াৰষ্টাইলৰ কাম কৰিছে৷ হাকিমে কোহলীৰ নতুন হেয়াৰষ্টাইল চূডান্ত কৰাৰ অভিজ্ঞতাৰ বিষয়ে এতিয়া বহু কথা ৰাজহুৱা কৰিছে৷ তেওঁৰ সৈতে বিৰাট কোহলীৰ দীৰ্ঘদিনীয়া বন্ধুত্ব আছে৷ সেইসূত্ৰে বিৰাটে আলিমক ফেশ্বনৰ ক্ষেত্ৰত চকুমুদি বিশ্বাসো কৰি আহিছে৷ কোহলীৰ ভাইৰেল হেয়াৰষ্টাইল, সহজে লোকৰ চকুত পৰা ভ্ৰূৰ বিষয়ে এতিয়া আলিমে বহু কথা কৈছে৷ আলিমে কয় “সকলোৱে জানে যে মই কিমান টকা পাৰিশ্ৰমিক লও। সেয়া ১ লাখ টকাৰ পৰা আৰম্ভ হয়। আৰু সেয়া হৈছে নূন্যতম পাৰিশ্ৰমিক।”

তেওঁ লগতে কয় “মাহী চাৰ আৰু বিৰাট, তেওঁলোক মোৰ বহু পুৰণি বন্ধু আৰু তেওঁলোকে দীৰ্ঘদিন ধৰি মোৰ ওচৰলৈ চুলি কাটিবলৈ আহি আছে। যেতিয়া আই পি এল আহিল , আমি কিবা এটা বেলেগ কৰাৰ সিদ্ধান্ত লৈছিলো।বিৰাটৰ পৰৱৰ্তী চেহেৰাটো কেনে হ’ব লাগে সেই বিষয়ে আমি সেই সময়তে কথা পাতিছিলো। এইবাৰ আই পি এলৰ আগতে, আমি সঁচাকৈয়ে কিবা ভাল কৰাৰ সিদ্ধান্ত লৈছিলো আৰু সেইমতে কৰিছিলোও। মই বিৰাটৰ ভ্ৰূ অলপ বেলেগ ধৰণে সজাই দিছিলো। তেওঁৰ চুলিৰ ৰং অলপ ধূসৰ কৰি তুলিছিলো। যেতিয়া মই বিৰাটৰ ছবিখন পোষ্ট কৰিছিলো, ই সঁচাকৈয়ে ইণ্টাৰনেটক ধুমুহাৰ সৃষ্টি কৰিলে৷ মোৰ পোষ্টত থকা লাইক আৰু শ্বেয়াৰৰ পৰিমাণ আশ্চৰ্যজনক আছিল। “হাকিমে ধোনীৰ বিষয়েও কয়, “তেওঁ এজন হলিউড অভিনেতাতকৈ কম নহয়”। হাকিমে লগতে কয় “সমগ্ৰ বিশ্বৰ মানুহে বিৰাট কোহলীক অনুসৰণ কৰে। ফেশ্বন আৰু নান্দনিকতাৰ ক্ষেত্ৰত বিৰাট কোহলী খুবেই সংবেদনশীল। ফেশ্বনৰ ক্ষেত্ৰত তেওঁৰ নিজৰ পছন্দ আছে।

তেওঁ বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈ। কিন্তু ষ্টাইল, ফেশ্বনৰ ক্ষেত্ৰতো তেওঁ এক নম্বৰ। ” উল্লেখ্য আৰচিবি তাৰকাগৰাকীয়ে এতিয়ালৈকে আই পি এল ২০২৪ ছিজনত দলটোৰ হৈ ভাল প্ৰদৰ্শন কৰি আহিছে। তেওঁ বৰ্তমান ৪ খন খেলত ২০৩ ৰাণৰ সৈতে অৰেঞ্জ কেপ দখল কৰিছে। অৱশ্যে, চাৰিখন মেচত মাত্ৰ এটা জয়ৰ সৈতে তেওঁৰ দল তালিকাৰ অষ্টম স্থানত আছে।

Leave A Reply