Breaking

দুই পেগ সুৰা গ্ৰহণ কৰিলেই খোজ থৰক বৰক হৈ পৰে বিৰাট কোহলীৰ ! বিৰাটৰ এই সুপ্ত প্ৰতিভা ৰাজহুৱা কৰিলে পত্নী অনুষ্কা শৰ্মাই…

0 99

পত্নী অনুষ্কা শৰ্মাই বিৰাট কোহলীৰ এক বিশেষ প্ৰতিভাৰৰ বিষয়ে ক’লে! শেহতীয়াকৈ অনুষ্কা শৰ্মা বিৰাট কোহলীক একেলগে দেখা গৈছিল এক অনুষ্ঠানত। অনুষ্ঠানটোত দুয়োকে অতি সুন্দৰ ৰুপত দেখা গৈছিল। এই অনুষ্ঠানটোত অনুষ্কাই ক’লে যে এইটো কামত বিৰাট তাইতকৈ ভাল আৰু তাই ভাল পায়। ২০১৭ চনত ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ সৈতে বলিউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাই ইটালীৰ টাস্কানিত গোপনে বিবাহপাশত আবদ্ধ হয়। বিৰাট আৰু অনুষ্কা দুয়োজনেই বিভিন্ন ক্ষেত্ৰৰ পৰা আহিছে যদিও শেহতীয়াকৈ দুয়োকে একেলগে দেখা গৈছিল এক ক্ৰীড়া অনুষ্ঠান, ইণ্ডিয়ান স্পৰ্টছ অনাৰ্ছত য’ত দুয়োজনে ইজনে সিজনৰ বিষয়ে কেইটামান প্ৰশ্নৰ উত্তৰ দিছিল। এই সাক্ষাৎকাৰৰ সময়ত অনুষ্কাৰক সোধা হৈছিল যে তেওঁৰ স্বামী বিৰাটৰ কোনটো প্ৰতিভা ভাল পায়, তাৰ উত্তৰত বিৰাটে আৰু কয় – দুটা পানীয় খোৱাৰ পিছত…

এই ইভেণ্টৰ ৰেড কাৰ্পেটত অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে ৰেপিড ফায়াৰ ৰাউণ্ড খেলিছিল য’ত দুয়োজনে বহু প্ৰশ্নৰ উত্তৰ দিছিল। বিৰাট আৰু অনুষ্কা দুয়োকে ডান্স ফ্ল’ৰ কোনে জুই লগায় বুলি সোধাত অনুষ্কাই বিৰাটৰ নাম ল’লে। পত্নীৰ এই উত্তৰত বিৰাট বৰ স্তম্ভিত হৈছিল, তাৰ পিছত অনুষ্কাই আৰু ক’লে যে বিৰাটে গান গাই নাচি ভাল পায়।

ক্ৰিকেটাৰজনে ক’লে- ‘মই এতিয়া মদ নাখাওঁ কিন্তু আগতে যেতিয়া মদ খাইছিলো, পাৰ্টিত সোমোৱাৰ পিছত যদি দুটা ড্ৰিংক কৰা হৈছিল, তেন্তে শেষ! তেতিয়া মই এনেদৰে নাচিছিলোঁ যে মানুহে ভাবিবলৈ বাধ্য হৈছিল মই বহুত ড্ৰিংকছ কৰোঁ।

অনুষ্কা আৰু বিৰাটৰ এই অনুষ্ঠানৰ প্ৰতিখন ফটো আৰু ভিডিঅ’ ৰাইজে লাইক কৰিছে আৰু অনুৰাগী সকল তেওঁলোকক একেলগে বহুত ভাল পাই ।

Leave A Reply