Breaking

“বিষ্ণুৰ অৱতাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা”- বিধায়ক ৰূপজ্যোতি কুৰ্মী

0 83

ভগৱান বিষ্ণুৰ আৱিৰ্ভাৱৰ কাৰণেই হ’ল দুষ্টক দমন শিষ্যক পালন। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও অসমত এক বিষ্ণুৰ অৱতাৰস্বৰূপ।

তেওঁ অসমত দুষ্টক দমন আৰু শিষ্যক পালন কৰি অসমখনক জাকত-জিলিকা কৰি তুলিছে। এই বক্তব্য মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। মঙ্গলবাৰৰ পৰা দুদিনীয়াকৈ পাটসাঁকো হাইস্কুল খেলপথাৰত নেটবল সন্থা অসম আৰু নেটবল সন্থা চৰাইদেউ জিলাৰ উদ্যোগত অনুষ্ঠিত আন্ত:জিলা নেটবল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত সন্থাৰ ৰাজ্যিক সমিতিৰ কাৰ্যকৰী সভাপতি হিচাপে উপস্থিত থাকি কুৰ্মীয়ে সাংবাদিকৰ প্ৰশ্নত এই মন্তব্য আগবঢ়ায়।

তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃঢ় পদক্ষেপৰ বাবেই অসম আজি ড্ৰাগছ মুক্ত, অপৰাধমুক্ত, গড়হত্যা ৰোধ হ’ব পাৰিছে বুলি কয়। অসমত ইমানদিনে বহুজনে বিভিন্ন দল-সংগঠনে খুলি সংস্থাপিত হৈ আছিল যদিও হিমন্ত বিশ্ব শৰ্মাৰ সু-শাসনৰ বাবেই আন্দোলন, ধৰ্ণা, টায়াৰ জ্বলোৱা আদি সকলো অপকৰ্মৰ উৎস নোহোৱা কৰি তেওঁলোকক সুযোগহীন কৰি তুলিছে বুলিও মন্তব্য কৰে।

আনহাতে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী প্ৰসংগতো কুৰ্মীয়ে মন্তব্য আগবঢ়াই কয় যে ৰাহুল গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱা কথাটো দূৰৰে কথা, তেওঁক ভাৰতৰ জনতাই অস্বীকাৰ কৰিছে আৰু বৰ্তমান তেওঁ সাংসদ, বিধায়ক বাদেই পঞ্চায়তৰ সভাপতি এজনো হ’ব নোৱাৰে।

Leave A Reply