Breaking

বিশ্বনাথ চতিয়া বৰপাম মাজুলী চাহ বাগিচাৰ সংযোগী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ঘিৰাধাৰি নৈ পকি দলংত বৃহৎ ফাত; সম্পূৰ্ণ যাতায়ত বন্ধ কৰিলে প্ৰশাসনে

0 1,267

বিশ্বনাথৰ বৰপাম আৰু মাজুলিগড় সংযোগী পথৰ এখন দলং মাজ ভাগতে বহি যোৱাৰ ফলত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে।দলংৰ এটা খুঁটা তললৈ সোমাই যোৱাৰ বাবেই দলংখন মাজভাগতে বহি যায়৷ইতিমধ্যে বিশ্বনাথৰলোক নিৰ্মান বিভাগে পথটোৰে যাতায়ত সম্পুৰ্ণ বন্ধ কৰি দিছে৷অত্যন্ত ব্যস্ত এই ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথটোৰ বন্ধ হৈ পৰাৰ লগে লগে যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যাত্ৰী সকলৰ।একমাত্ৰ এই পথৰ যদি ২৪ ঘন্টা ও বন্ধ হৈ পৰে বহু অসুবিধা সৃষ্টি হ’ব যে প্ৰায় নিশ্চিত।
উল্লেখযোগ্য যে এই দলং খনেই হৈছে বিশ্বনাথ চাৰিআলি পৰা শোণিতপুৰ জিলালৈ যাতায়ত কৰা একমাত্ৰ দলং যাৰ ফলত চিকিৎসা সেৱা পৰা আৰম্ভ কৰি বহু সমস্যাই দেখা দিয়া সম্ভাৱনা দেখা দিছে।

ইফালে স্থানীয় ৰাইজৰ অভিযোগ দলং খনৰ নিচেই কাষতে চাৰিলাইন যুক্ত পথ নিৰ্মাণ সংস্থা ঠিকাদাৰৰ নদী খন অবাধ খনন কৰাৰ ফলত এই দৰে নদী গতিত পথ সলনি হোৱা ফলত এনে দৰে দলং খনৰ খুঁটা বহি যোৱা বুলি প্ৰকাশ কৰে।

Leave A Reply