Breaking

বিশ্বনাথ চাৰিআলি মাজুলিগড় চাহ বাগিচা চিকিৎসক বসন্ত গোস্বামীক আক্ৰমণ কৰা দুই দুস্কৃতিকাৰীক আটক।

0 1,066

বুধবাৰে বিশ্বনাথ চাৰিআলি  মাজুলিগড় চাহবাগিছাৰ জেষ্ঠ চিকিৎসক ডাঃ বসন্ত কুমাৰ গোস্বামীক কেইজনমান লোকে আক্ৰমণ কৰিছিল বাগিচাৰ খনত।ইফালে এই আক্ৰমণ কাৰী বিৰুদ্ধে জ্যেষ্ঠ চিকিৎসক বসন্ত দাসে বিশ্বনাথ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰেইফালে নিশা বিশ্বনাথ চাৰিআলি  আৰক্ষীয়ে আক্ৰমণৰ  লগত জৰিত দুজন মূল অভিযুক্ত যোৱা নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ 

ধৃতলোক দুজন ক্ৰমে অজিত তাঁতি(৩৮) আৰু সুজিত তাঁতি(২৫)৷ দুয়োৰে ঘৰ মাজুলীগড় চাহবাগিছাৰ ১০ নম্বৰ লাইনত৷ চিকিৎসক আক্ৰমণ সম্পৰ্কত IPC ৰ 143/447/352/325/307 আৰু R/E W Sec 51(b) DM Act ত বিশ্বনাথ চাৰিআলি থানাত 167/21 নম্বৰ গোছৰ ৰুজু হৈছে৷ উল্লেখ যে,কভিডৰ বাবে বাগিছা খনৰ দোকান-পোহাৰ বন্ধ কৰা কাৰ্যত বাগিছা কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষুব্ধ হৈ থকা শ্ৰমিক সকলে চিকিৎসক জনকে প্ৰহাৰ কৰিছিল৷

Leave A Reply