Breaking

বিশ্বনাথ হাজাৰ হাজাৰ ভূমি বেদখল, পেটুলিবাৰীৰ ৩৪ বিঘা ১ কঠা চৰকাৰী ভূমিত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

0 131

বিশ্বনাথ ৰাজহচক্ৰৰ অন্তৰ্গত বিশ্বনাথৰ  কেইবা হাজাৰ চৰকাৰী ভূমি বেদখল হৈ আছে। জিলা খনৰ বিশ্বনাথ, বিহালী বৰঝাৰণীকে ধৰি বিশ্বনাথ চাৰিআলি  পেটুলিবাৰীৰ চৰকাৰী ভূমি একাংশ লোকে বেদখল কৰি  ধৰি খেতি -বাতি কৰি নিজৰ দখলত ৰাখি থোৱা তথ্য প্ৰকাশ পাইছিল। ইফালে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অহা পিছতে উক্ত ভূমি সমূহ বেদখল মুক্ত কৰা কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।ইফালে ৰাজ্য বিভিন্ন ঠাইত চৰকাৰী ভূমি বেদখল মুক্ত কৰিবলৈ উচ্চেদ চলাই থকা সময়তে শুক্ৰবাৰে বিশ্বনাথ ৰাজহ চক্ৰ অন্তৰ্গত পেটুলিবাৰীত  ৩৪ বিঘা ১ কঠা চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ বিশ্বনাথ জিলা প্ৰশাসনে অভিযান চলাই।

বিশ্বনাথ জিলা প্ৰশাসনে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ এটা বৃহৎ দল লগত লৈ এই ভূমি বেদখল মুক্ত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।উল্লেখ্য যে বিশ্বনাথৰ পেটুলিবাৰী অঞ্চলৰ চৰকাৰী ভূমি বেদখল কৰা লোক সকলে বিশ্বনাথ জিলা প্ৰশাসনৰ এই অভিযানত স্বতঃষ্ফুত ভাবে নিজ নিজ ঘৰ দুৱাৰ ভাঙি সহযোগিতা আগবঢ়ায়।


কোনো ধৰণৰ আইন শৃংখলাজনীত পৰিস্থিতিৰ সৃষ্টি নোহোৱাকৈয়ে বৰ্তমানো উচ্ছেদ চলি আছে উক্ত চৰকাৰী ভূমিত বেদখলকাৰী লোকসকল আৰু আমছু,নেমছুৰ নেতা কৰ্মীয়েও এই উচ্ছেদ অভিযানত প্ৰশাসনক সহযোগীতা আগবঢ়োৱাৰ কথা উল্লেখ কৰি উচ্ছেদিত লোক সকলে।ইফালে এই সকলক  পুনৰ সংস্থাপনৰ দাবী জনাই আমছুয়ে।


ইফালে সচেতন ৰাইজৰ  অভিযোগ এই স্থানত নিদিষ্ট কেইজনমান লোকৰ বিৰুদ্ধেহে  অভিযান চলাইছে জিলা প্ৰশাসনে।
এই অঞ্চলত ১০০ বিঘাতকৈ অধিক চৰকাৰী ভূমি বেদখলকাৰীৰ দখলৰ পৰা মুক্ত কৰিবলৈ আহবান জনাই আমছু,নেমছু তথা ৰাইজে। আনহাতে বান খহনীয়াৰ কবলত পৰি বিভিন্ন স্থানৰ পৰা অহা এই লোক সকলক দালাল চক্ৰই এই ভুমি বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে উক্ত দাদলি সমূহক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দল সংগঠনে দাবী জনাইছে।


যাৰ বাবে উচ্ছেদিত লোক সকল আৰু আমছু,নেমছুয়ে এই চৰকাৰী ভূমি কি দৰে দালাল চক্ৰই বিক্ৰী কৰিবলৈ পালে তাৰ ওপৰতো এক তদন্ত দাবী জনাই।ইফালে বিশ্বনাথৰ সদৰ মহকুমাধিপতি বিশ্বজিৎ শইকীয়াই  জানিব দিয়া অনুসৰি উক্ত ভূমি সমূহ দখল কৰি ৰখাৰ লোক সকলৰ অন্য ঠাইত নিজা ভুমি থকা পিছতো এই চৰকাৰী ভুমিত বেদখল কৰি ৰাখিছিল শীঘ্ৰে সকলো ভূমি বেদখল মুক্ত কৰা হ’ববুলি প্ৰকাশ কৰে।

Leave A Reply