Breaking

বিশ্বনাথৰ বালিপুখুৰীৰ সমাজকৰ্মী পূৰ্ণ বৰা সোঁৱৰণী স্মৃতিৰ সুবাস সভা : গ্ৰন্থ উন্মোচন

0 1,308

বিশ্বনাথৰ বুঢ়ীগাং অঞ্চলৰ বালিপুখুৰী গাৱঁৰ এগৰাকী সু- শিক্ষিত সু- সমাজ সংগঠক সমাজকৰ্মী প্ৰয়াত পূৰ্ণ বৰা আজি বালিপুখুৰী নিজ বাসগৃহত দিন জোৰা কাৰ্যসূচীৰে আদ্যশ্ৰাদ্ব সম্পন্ন হয়।

উল্লেখযোগ্য যে বালিপুখুৰী বিশিষ্ট সমাজ কৰ্মী প্ৰায়ত।পূৰ্ণ বৰা যোৱা ১২ জুলাইত পৰলোকপ্ৰাপ্ত হয়। বিশিষ্ট সমাজ কৰ্মী পূৰ্ণ বৰা আদ্যশ্ৰাদ্ধ উপলক্ষে নিজ বাসগৃহত তেখেতৰ সোঁৱৰণী এখনি স্মৃতিৰ সভা অনুষ্ঠিত হোৱা লগতে স্মৃতিৰ সুবাস নামৰে এখনি স্মৰণিকা গ্ৰন্থ উন্মোচন হয়।বিশিষ্ট সমাজ কৰ্মী নবীন ছেত্ৰী সম্পাদনাত প্ৰকাশ পোৱা স্মৰণিকা খনত অঞ্চলত বিগত সময়ত চোৱাত সমাজলৈ আগবঢ়োৱা অৱদান সমূহ ওপৰত বিভিন্ন জনে নিজৰ মতামত আগবঢ়োৱা লগতে তেখেতে সমাজলৈ আগবঢ়োৱা সেৱা কথা উল্লেখ কৰে বিভিন্ন জনে।

আনহাতে আদ্যশ্ৰাদ্ব লগত সংগীত ৰাখি এই স্মৰণিকা খন উন্মোচন কৰে বিশিষ্ট সমাজ কৰ্মী তথা বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয় হৰি প্ৰসাদ উপাধ্যায়ই।গ্ৰন্থ উন্মোচন সভাত উপস্থিত থাকে সম্পাদনা সমিতি সমূহ বিষয়ববীয়া লগতে অঞ্চলটো ধৰ্মপ্ৰাণ ব্যক্তি সকল।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাসৰ প্ৰতিবেদন


Leave A Reply