Breaking

চাবুৱা-দধীয়াৰ বানবিধ্বস্ত এলেকা পৰিদৰ্শন বিধায়ক পোনাকণ বৰুৱাৰ

0 1,524

চাবুৱা ৰাজহ চক্ৰৰ অধীনস্থ তথা শেহতীয়াকৈ পঞ্চমটো বানত বিধ্বস্ত বিস্তৃত দধীয়া  এলেকা আজি  পৰিদৰ্শন কৰে চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাই

၊  ভুতভুতি নাৱেৰে সাংবাদিকসহ নদী পাৰ হৈ বিধায়ক গৰাকীয়ে বানপিড়িত বিস্তীৰ্ণ এলেকা পৰিদৰ্শন কৰি পৰিস্থিতি বুজ লয়। পৰিদৰ্শনৰ সময়ত বিধায়কগৰাকীয়ে কয় যে ১৯৮৫ চনৰ পৰাই অতি বেয়াকৈ দধীয়া অঞ্চলটো বান আৰু গৰাখহনীয়াত ভয়াবহ ৰূপত  বিধ্বস্ত হৈ আহিছে

၊ প্ৰতিটো বছৰত তিনি-চাৰিটা বলীয়া বানে দধীয়া বনগাঁওবাসী ৰাইজৰ জনজীৱন আৰু সা-সম্পত্তি বিপদাপন্ন কৰি আহিছে

၊ মন্তব্যত  ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত অৱস্থিত গাঁওবাসীক  বৰ্তমানৰ চৰকাৰখনে পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে  বুলিও উল্লেখ কৰে বিধায়ক বৰুৱাই

၊ ১৪৮০ টা পৰিয়ালক সংস্থাপন দিয়াৰ বিষয়টো বৰ্তমান চৰকাৰখনৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুক বিশেষভাৱে দায়িত্ব প্ৰদান কৰিছে বুলি জানিব দিয়ে বিধায়ক গৰাকীয়ে

၊ তদুপৰি এই বানত ক্ষতিগ্ৰস্ত ৰাইজৰ বাবে অস্থায়ী শিৱিৰ পাতি ৰাখিবলৈ  প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও  কভিডৰ প্ৰতি শংকা বোধ কৰা ৰাইজে  শিৱিৰত আশ্ৰয় গ্ৰহণ কৰিবলৈ অপাৰগ বুলি জনায় বিধায়ক পোনাকণ বৰুৱাই

၊  প্ৰশাসনে অঞ্চলটোৰ পশুৰ বাবে খাদ্য, জনস্বাস্থ্য আদিৰ ক্ষেত্ৰত সেৱা আগবঢ়াইছে বুলি সাংবাদিকক জ্ঞাত  বিধায়ক গৰাকীয়ে 

Leave A Reply