আজি সংগীত শিল্পী ভিতালী দাসৰ মৃত্যু তিথি।(Vitali Das) ২০২১ চনৰ ২১ এপ্ৰিল অসমৰ সংগীত জগতৰ বাবে এক বিষাদৰ দিন। কʼভিডত আক্ৰান্ত হৈ অকালতে চিৰদিনৰ বাবে আঁতৰি গৈছিল কণ্ঠশিল্পী ভিতালী দাস। অজস্ৰ গীতেৰে অসমৰ সাংস্কৃতিক পথাৰ জীপাল কৰা ভিতালী দাসৰ মৃত্যুৱে অসমৰ সংগীত জগত উকা কৰি থৈ গ’ল। এই গৰাকী মহান শিল্পীৰ আজি চতুৰ্থ মৃত্যু তিথি। ২০২১ চনৰ ২১ এপ্ৰিলতে চিৰদিনৰ বাবে আঁতৰি গৈছিল কণ্ঠশিল্পীগৰাকী।
জানমণি, অঞ্জনা, ৰাংঢালী, বগীতৰা, মৰমজান আদিৰ দৰে প্ৰতিখন জনপ্ৰিয় বিহুগীতৰ কেছেটতে কণ্ঠ নিগৰোৱা ভিতালী দাসৰ মৃত্যু সঁচাকৈয়ে ৰাজ্যৰ সংগীত জগতৰ বাবে অপুৰণীয় ক্ষতি।
মাতৃ ভিতালী দাসৰ দৰেই যেন হৈ পৰিছে কন্যা কমলিকা কাশ্যপ। কমলিকা কণ্ঠত বহুতেই বিচাৰি পাই ভিতালী দাসৰ সুৰ। বৰ্তমান মাতৃৰ দৰেই জনপ্ৰিয়তা বাঢ়িছে কমলিকা কাশ্যপৰ। বিহু অনুষ্ঠানত গীত পৰিৱেশন কৰাত বৰ্তমান খুবেই ব্যস্ত কমলিকা কাশ্যক। কওঁ যে কিছুদিন পূৰ্বে পিতৃকো হেৰুৱাই কমলিকা কাশ্যপে।