Breaking

ভলীবলৰ প্ৰশিক্ষক দীপ গগৈ আৰু অন্যান্য কিছু কথা…

0 17

অসমৰ অতিকৈ জনপ্ৰিয় খেল ভলীবলৰ অৰ্হতা সম্পন্ন প্ৰশিক্ষকৰ সংখ্যা তেনেই কম। যি কেইজন সক্ৰিয় প্ৰশিক্ষক আছে তাৰে ভিতৰত দীপ গগৈ অন্যতম। খেলুৱৈৰ সৃষ্টিৰ সমান্তৰালকৈ খেল বিধৰ অৰ্হতা সম্পন্ন প্ৰশিক্ষকৰ জন্ম দিয়াটো নিত্যান্তই প্ৰযোজনীয়। কিয়নো গুৰু বিহীন শিক্ষাৰ মূল্য নাই বুলি কোৱা হয়। আজিকালি প্ৰশিক্ষক হোৱাৰ বাবে খেলুৱৈ তথা ক্ৰীড়া সংগঠক সকল আগ্ৰহী নহয়। ইয়াৰ প্ৰথম আৰু প্ৰধান কাৰণ হৈছে নিজৰ গাঁঠিৰ ধন খৰছ কৰি এন আই এছ পাঠ্যক্ৰম গ্ৰহণ কৰি আহিও নিযুক্তিৰ বাবে হাহাকাৰ কৰিব লগা হয়। যাৰ বাবে আগ্ৰহী সকলে নিজৰ জীৱনকলৈ ৰিস্ক লব নোখোজে বা অভিভাৱক সকলেও নিজৰ ল’ৰা ছোৱালীক আগবঢ়াই দিয়াৰ বাবে অনিহা প্ৰকাশ কৰা দেখা গৈছে। তাৰে মাজতো কিন্তু খেলুৱৈ সকলে ক্ৰীড়া বিষয়ক পাঠ্যক্ৰম গ্ৰহণ নকৰাকৈ থকা নাই। এই সকলে ক্ৰীড়াক বাদ দি আন একো কথাই চিন্তা কৰিব নোৱাৰে। ক্ৰীড়াই হৈছে এই সকলৰ বাবে সকলো। গতিকে এওঁলোকে মানসিক শান্তিৰ বাবেই ক্ৰীড়াত বন্দী হৈ পৰে।

তেনে এগৰাকী খেলুৱৈ হৈছে দীপ গগৈ। গগৈৰ ঘৰ লক্ষিমপুৰ জিলাৰ ঢকুৱাখানাৰ হিলৈদাৰী গাঁওত। ১৯৯২ চনৰ ১১ মাৰ্চত জন্ম গ্ৰহণ কৰা গগৈৰ দেউতাকৰ নাম ৰেৱত গগৈ আৰু মাকৰ নাম সাৱিত্ৰী গগৈ। সৰুৰে পৰাই বিভিন্ন খেলা-ধুলাৰ লগত তেওঁ জড়িত আছিল যদিও পিছলৈ তেওঁ ভলীবলৰ প্ৰতি আকৰ্ষিত হৈ ২০০৭-৮ চনত ধেমাজিত অনুষ্ঠিত হোৱা ৯ সংখ্যক আন্তঃ জিলা মিনি ভলীবল প্ৰতিযোগিতাত তেওঁ লক্ষিমপুৰ জিলা দলক প্ৰতিনিধিত্ব কৰে। ২০০৯ চনত মঙ্গলদৈত অনুষ্ঠিত হোৱা ২৩ সংখ্যক আন্তঃ জিলা ছাব জুনিয়ৰ ভলীবল প্ৰতিযোগিতাত তেওঁ অংশগ্ৰহণ কৰে। ২০১০ চনত বিহপুৰীয়াত অনুষ্ঠিত হোৱা ২৪ সংখ্যক আন্তঃ জিলা ছাব জুনিয়ৰ ভলীবল প্ৰতিযোগিতাত তেওঁ অংশগ্ৰহণ কৰে। ইয়াৰ পিছত ভলীবলৰ জড়িয়তে কিবা এটা কৰাৰ মানসিকতাৰে ২০১৫ চনত এল এন আই পি সোনাপুৰত বি পি এড, ২০১৭ চনত পুনেত এম পি এড আৰু ২০১৮ চনত বেঙ্গলোৰত এন আই এছ ডিগ্ৰী সফলতাৰে উৰ্ত্তীৰ্ণ হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনে। ইয়াৰ পিছত তেওঁ আৰু থমকি ৰোৱা নাই। অসমৰ বিভিন্ন জিলাত খেলুৱৈ সকলক ভলীবলৰ প্ৰশিক্ষণ দি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।


২০২১ চনৰ ২৪ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ তামিলনাডুত অনুষ্ঠিত হোৱা ৪৩ সংখ্যক চাব জুনিয়ৰ নেচনেল ভলীবল চেম্পিয়নশ্বীপত তেওঁ অসম দলৰ মুখ্য প্ৰশিক্ষকৰ ভুমিকা পালন কৰিছিল। ২০২৩ চনৰ ২ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হোৱা ৭১ সংখ্যক চিনিয়ৰ নেচনেল ভলীবল চেম্পিয়নশ্বীপত তেওঁ অসম দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিৰ্বাচিত হৈছিল। ২০২৩ বৰ্ষৰ ৬ জুনৰ পৰা ১৩ জুনলৈ মধ্যপ্ৰদেশত অনুষ্ঠিত হোৱা ৬৬ সংখ্যক নেচনেল স্কুল গেমছত অংশগ্ৰহণ কৰা অসম দলটোৰ তেওঁ মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।


২০১৬ চনত ত্ৰিপুৰা বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা অল ইণ্ডিয়া ভলীবল আন্তঃ বিশ্ববিদ্যালয় প্ৰতিযোগিতাত তেওঁ অংশগ্ৰহণ কৰে। ২০১৫-১৬ বৰ্ষত ভূপালত অনুষ্ঠিত হোৱা ওৱেষ্ট জ’ন আন্তঃ বিশ্ববিদ্যালয় ভলীবল চেম্পিয়নশ্বীপত তেওঁ অংশগ্ৰহণ কৰে। ২০১৬-১৭ চনত গুজৰাটত অনুষ্ঠিত হোৱা ওৱেষ্ট জ’ন আন্তঃ বিশ্ববিদ্যালয় ভলীবল চেম্পিয়নশ্বীপত তেওঁ অংশগ্ৰহণ কৰে। ২০২৩ চনত তেওঁ ভলীবলৰ প্ৰশিক্ষক হিচাপে অসম চৰকাৰৰ পৰা নিযুক্তি লাভ কৰি উঠি অহা নৱ প্ৰজন্মৰ খেলুৱৈৰ বাবে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। দীপ গগৈৰ মতে– কম ঠাইত, কম খৰচতে খেলিব পৰা, আঘাতৰ বৰ বিশেষ সমস্যা নথকা, ফলাফলৰ বাবে ঘন্টাৰ পাছত ঘন্টা ৰৈ থাকিব নলগা অসমৰ জনপ্ৰিয় খেল হৈছে ভলীবল। বৰ্তমান সময়ত এই খেলৰ জনপ্ৰিয়তা সৰ্বাধিক। কিয়নো অসমত ভলীবলৰ বহল আৰু সুদৃঢ় ভেটি নিৰ্মান কৰা, অসমক দেশৰ ভিতৰতে অধিক ভলীবল খেলা ৰাজ্য হিচাপে গঢ়ি তোলা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাত অসম দলে উন্নত প্ৰদৰ্শন ডাঙি ধৰা ইত্যাদি অনেক উদ্দেশ্য আগত ৰাখি অসমৰ সূসন্তান, ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যৰ সবল নেতৃত্ব অসমৰ সৰ্বত্ৰতে চলি আছে অসম ভলীবল মিছন-১০০ৰ উদ্যোগত ১২ আৰু ১৬ বছৰ অনুৰ্ধৰ ল’ৰা আৰু ছোৱালী উভয়ৰ বাবে “ব্ৰহ্মপুত্ৰ ভলীবল লীগ”।

এইবেলি ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ চতুৰ্থ সংস্কৰণত অসমৰ ২৮ খন জিলাৰ ১৫৮টা কেন্দ্ৰৰ ৩৯০টা দলৰ চাৰি হেজাৰতকৈও অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰাটো অসমৰ ভলীবলৰ বাবে শুভ লক্ষণ। অভিজিৎৰ লগতে মিছনৰ পৰিয়ালবৰ্গই ভলীবলৰ উন্নয়নৰ স্বাৰ্থত যি ধৰণে কাম কৰি গৈ আছে আহি থকা দিনত অসমৰ ভলীবল জগত লাভৱান হ’ব বুলি দৃঢ়তাৰে ক’ব পাৰি। অৱশ্যে ইয়াৰ লগে লগে ভলীবলৰ প্ৰশিক্ষকৰ সংখ্যা বৃদ্ধি কৰাটো নিতান্তই প্ৰয়োজনীয়। জানিব পৰা মতে অসমত ভলীবলৰ এন আই এছ প্ৰশিক্ষক মাত্ৰ পাঁচ গৰাকী। গতিকে এই ক্ষেত্ৰত বিভাগীয় কৰ্ত্তৃপক্ষই ব্যাৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে সচেতন ক্ৰীড়া প্ৰেমীয়ে।

Leave A Reply