Breaking

মুক্ত ভাবে ভয়-শংকা বিহীন আৰু প্ৰলোভীত নহয় সুস্থ আৰু সুস্থিৰ চৰকাৰ গঠন কৰিবলৈ ভোটাৰ সকলক ভোট দান কৰক : প্ৰকাশ ৰন্জন ঘৰফলীয়া,উপায়ুক্ত

0 2,058

মুক্ত ভাবে ভয়-শংকা বিহীন আৰু প্ৰলোভীত নহয় সুস্থ আৰু সুস্থিৰ চৰকাৰ গঠন কৰিবলৈ ভোটাৰ সকলক ভোট দান কৰক – প্ৰকাশ ৰন্জন ঘৰফলীয়া। এইদৰে  আজি ২ মাৰ্চ তাৰিখে ওদাগুৰি জিলা উপাযুক্ত কাৰ্য্যলয়ৰ সভা গৃহত জিলা উপাযুক্ত গৰাকীযে  জিলা খনৰ সাংবাদিক সকলৰ সৈতে আগন্তক বিধান সভা নিৰ্বাচনী নিৰ্বাচনী আচৰণ বিধি সম্পৰ্কে এখনি সভাত এই মন্তব্য কৰে। উক্ত  সভাত জিলা নিৰ্বাচনী বিষযা, জিলা উপাযুক্ত আৰু জিলা আৰক্ষী অধীক্ষক গৰাকীযে  নিৰ্বাচনী আচৰন- বিধি সম্পকে তথ্য-সম্বলিত ভাবে জিলা খনত তিনিট‍ বিধান সভা সমষ্টি ৬৪ পানেৰী অতিৰিক্ত উপাযুক্ত অনছুলা বসুমতাৰি ৰিটাৰিং অফিছাৰ দায়িত্ব প্ৰদান কৰি পোলিং ছেন্টাৰ ১৯৯ টা আৰু ২৯ সৰ্ব মুঠ ২২৮ টা, পুৰুষ ৭৭৪৮৮ জন, মহিলা ৭৫৯৫২ জনী আৰু তৃতীয় লিংগ ০১জন সৰ্ব মুঠ ১৫৪৪০ জন ভোটাৰ, ১১ টা ছেক্টৰ, ০৪ টা জুনত ভাগত ভাগ কৰি, নিৰ্বাচনী এক্সপেডিটুৰ মোনটেৰিং চেল এফ এছ টি ০৩টা, ভি এছ টি ০৩টা, এছ এছ টি ০৩ টা, ভি ভি টি ০১ টা, একাউন্টিং টিম ০১ টা, এন্টি ডিফেকমেম্ট টিম  ০১টা, ২০টা মহিলা আৰু ০১ মডেল পুলিং ষ্টেচন  গঠন কৰি, প্ৰথম, দ্বিতীয় আৰু তৃতীয় প্ৰিজাডিং অফিচাৰ প্ৰতিটোত ২৭৪ জনকৈ সৰ্ব মুঠ ১০৯৬ জন দিয়ে।৬৯ ওদালগুৰি জনজাতি সংৰক্ষিত উপাযুক্ত প্ৰকাশ ৰন্জন ঘৰফলীয়া ৰিটাৰিং অফিচাৰ দায়িত্ব লৈ পোলিং ছেন্টাৰ ১৯৪ টা আৰু ৩৭ টা সৰ্ব মুঠ ২৩১টা, পুৰুষ ৭৮২৯৫ জন, মহিলা ৭৭৭৮০ জনী সৰ্ব মুঠ ১৫৬০৭৫ জন ভোটাৰ,অঞ্চল টোট ২৪ ছেক্টৰ,০৪টা জুন ভাগত ভাগ কৰে লগতে নিৰ্বাচনী এক্সপেডিটুৰ মনটেৰিং চেল এফ এছ টি ০৩টা, ভি এছ টি ০৩, এছ এছ টি ০৩ টা, ভি ভি টি ০১টা,  একাউন্টিং টিম ০১ টা, এন্টি ডিফেক্টমেন টিম ০১ টা,  ২০ টা মহিলা ০১ টা মডেল পুলিং ষ্টেচন ০১টা গঠন কৰি প্ৰথম, দ্বিতীয় আৰু তৃতীয় প্ৰিজাডিং অফিচাৰ প্ৰতিটোত ২৭৭ জনকৈ সৰ্ব মুঠ ১১০৮ জন নিযুক্ত আৰু ৭০ নং মাজবাট সমষ্টিত অতিৰিক্ত উপাযুক্ত অনুপ কুমাৰ বহ্মক দ্বায়িত্ব প্ৰদান কৰি পুলিং চেন্টাৰ ১৭৮টা আৰু ৪৫ টা মুঠ ২৩২টা, পুৰুষ ৮০২৭৬ জন, মহিলা ৭৭১৬৯ জনী সৰ্ব মুঠ ১৫৭৪৪৫ জন ভোটাৰ, ২৪ টা ছেক্টৰ, ০৪ টা জ’ন ভাগ কৰি,  নিৰ্বাচনী এক্সপেডিটুৰ মনিটেৰিং চেল এফ এছ টি ০৩ টা, ভি এছ টি ০৩ টা, এছ এছ টি ০৩ টা, ভি ভি টি ০১টা, একাউন্টিং টিম ০১টা, এন্টি ডিফেকমেন্ট টিম ০১টা, ২০টা  মহিলা পুলিং ষ্টেচন, ০১টা মডেল পুলিং ষ্টেচন গঠন কৰি প্ৰথম, দ্বীতীয় আৰু তৃতীয় প্ৰিজাডিং অফিচাৰ প্ৰতিটোটে ২৭৮ জনকৈ সৰ্ব মুঠ ১১১২জন নিযুক্তি দিয়ে। ওদালগুৰি জিলা ৩৫ টা স্থানক জটিল স্থান আৰু কিছু স্থান যি স্থানত যোৱা লোকসভা নিৰ্বাচনত ৯৫% শতাংশ ভোট দান আৰু একক ভাবে ৭৫% শতাংশ ভোট দান হৈছে সেই সমুহত এইবাৰ বিশেষ নজৰ দিয়াৰ লগতে ভিডিঅ কেমেৰাৰ ব্যবস্থা কৰা হব উল্লেখ কৰে। এই নিৰ্বাচনত আশী  বছৰৰ অধিক আৰু ৪০% শতাংশ শাৰিৰিক ভাবে সক্ষম  লোকক ঘৰতে ভোট দান কৰাৰ ব্যবস্থা কৰিব। তাৰ ববে বিশেষ আবেদন প্ৰত্ৰ ০৫ মাৰ্চ তাৰিখে সংগ্ৰহ কৰি ০৭ মাৰ্চ তাৰিখে অঞ্চলৰ বি এল অ হাতত জমা দিয়াৰ ব্যবস্থা কৰে। ওদালগুৰি জিলাৰ ৬৪ পানেৰীত ১৪ খন স্থানত, ৬৯ ওদালগুৰিত ১৭ খন ৰাজহুৱা  স্থানত আৰু ৭০ মাজবাটত ১৯ খন  স্থানত  সৰ্ব মুঠ ৫০ খন স্থানত নিৰ্বাচনী সভা অনুমতি প্ৰদান কৰে যদিওঁ সভাৰ উদ্যোগতা সকলে সভাৰ সময়ৰ ৪৮ ঘন্টা আগতীয়াকৈ বিভাগীয় কৃতপক্ষৰ পৰা অনুমতি লব লাগিব লগতে সভাত সভাৰ স্থানত উল্লেখ থকাৰ দৰে ১০০০ (এক হাজাৰ) আৰু ১৫০০ (পোন্ধৰ শৰ) অধিক হব নোৱাৰিব । নিৰ্বাচনত এজন প্ৰাৰ্থীয়ে নমিনিকেচন গ্ৰহণ কৰাৰ পিছৰে পৰা  ৩০.৮ লক্ষ্য টকা খৰচ কৰাৰ লক্ষ্য বান্ধি দিয়ে।  ৫ মাৰ্চ তাৰিখে নটিফিকেচন জাৰি কৰিব, নমিনিকেচন প্ৰদান কৰা শেষ সীমা ১২ মাৰ্চ তাৰিখ,  ১৫ মাৰ্চ তাৰিখে স্কুটিনিং আৰু  ১৭ মাৰ্চ তাৰিখে নমিনিকেচন প্ৰত্যাহাৰ কৰা ০১ এপ্ৰিলত ভোট দান, ০২ মে তাৰিখে ভোট গনণা আৰু ০৫ মে শেষ হব।

Leave A Reply