নিৰ্বাচনৰ প্ৰাৰ্থীৰ সম্পত্তিৰ বিষয়ে সকলো হিচাব জনাৰ অধিকাৰ নাই ভোটাৰৰ: উচ্চতম ন্যায়ালয়…

নিৰ্বাচনৰ প্ৰাৰ্থীৰ সম্পত্তিৰ বিষয়ে সকলো হিচাব জনাৰ অধিকাৰ নাই ভোটাৰৰ: উচ্চতম ন্যায়ালয়

নিৰ্বাচনৰ প্ৰাৰ্থীৰ সম্পত্তিৰ বিষয়ে সকলো হিচাব জনাৰ অধিকাৰ নাই ভোটাৰৰ। এই ৰায় দিলে উচ্চতম ন্যায়ালয়ে। মঙলবাৰে ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে। ন্যায়ালয়ে আজি এক বিশেষ ৰায়ত এইবুলি উল্লেখ কৰে যে প্ৰাৰ্থীসকলে তেওঁলোকৰ সকলো স্থাৱৰ সম্পত্তিৰ হিচাব দিব নালাগে। ভোটাৰে প্ৰাৰ্থী এগৰাকীৰ সকলো স্থাৱৰ সম্পত্তিৰ তথ্য জনাৰ অধিকাৰ নাই। উচ্চতম ন্যায়ালয়ে কয় যে এজন ভোটাৰৰ “প্ৰাৰ্থীৰ প্ৰতিটো সম্পত্তিৰ বিষয়ে জনাৰ অধিকাৰ নাই”।

প্ৰাৰ্থী এজনৰ কেতবোৰ ক্ষেত্ৰত গোপনীয়তাৰ অধিকাৰ আছে বুলি উচ্চতম ন্যায়ালয়ে কয়। ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে প্ৰাৰ্থীসকলে তেওঁলোকৰ বা তেওঁলোকৰ পৰিয়ালৰ মালিকানাধীন প্ৰতিটো স্থানান্তৰযোগ্য সম্পত্তিৰ হিচাব প্ৰকাশ কৰাৰ প্ৰয়োজন নাই। উচ্চতম ন্যায়ালয়ে ২০১৯ চনত অৰুণাচলৰ নিৰ্দলীয় বিধায়ক কাৰিখো ক্ৰি (তেজু বিধানসভা সমষ্টি)য়ে ন্যায়ালয়ত সম্পত্তিৰ হিচাব দাখিলৰ বিষয়ত তৰা এটা গোচৰ সন্দৰ্ভত এনেদৰে ৰায়দান কৰে।

উল্লেখ্য গুৱাহাটী উচ্চ ন্যায়ালয়ে পূৰ্বে ক্ৰিৰ প্ৰাৰ্থিত্ব বাতিল হোৱা বুলি ঘোষণা কৰিছিল। অভিযোগ অনুসৰি ক্ৰিয়ে “নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দাখিল কৰা মনোনয়নপত্ৰত ক্ৰিৰ পত্নী আৰু পুত্ৰৰ মালিকানাধীন তিনিখন বাহনৰ তথ্য প্ৰকাশ কৰা নাছিল। ক্ৰিৰ আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে আজি বিশেষ ৰায়টো প্ৰদান কৰে।

Related Articles