Breaking

মাৰ্ঘেৰিটাত শান্তিপূৰ্ণ ভাৱে ভোটদান সম্পন্ন ! মাৰ্ঘেৰিটাত ৫ বজালৈ ভোটদান হাৰ ৭৩.০৮ %…

0 13

মাৰ্ঘেৰিটাত শান্তিপূৰ্ণ ভাৱে ভোটদান সম্পন্ন।

মাৰ্ঘেৰিটাত ৫ বজালৈ ভোটদান হাৰ ৭৩.০৮ %

আজি ৰাজ্যৰ ৫ টা লোকসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ যায়।ৰাজ্যৰ পাঁচ লোকসভা সমষ্টিৰ ভিতৰত এটি অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি হৈছে ১৩ নং ডিব্ৰুগড় লোকসভা সমষ্টি।ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত ৮৩ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰত পুৱা ৭ বজাৰ পৰাই আৰম্ভ হয় ভোট গ্ৰহণ প্ৰক্ৰিয়া।মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰতে শান্তিপূৰ্ণ ভাৱে ভোট গ্ৰহণ অনুষ্ঠিত হৈ যায়।বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰ সমুহত পুৱাৰে পৰা ভোটাৰ ৰাইজে নিজৰ ভোটাধিকাৰ সাব্যস্তৰ কৰিবলৈ বহু সময় ধৰি দীঘলীয়া শাৰীপাতি অপেক্ষা কৰি থকা পৰিলক্ষিত হয়। উল্লেখ্যে যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত মাৰ্ঘেৰিটা বিধান সভা সমষ্টিত মুঠ ভোটাৰ সংখ্যা ১, ৬৯, ৯৩ গৰাকী।ইয়াৰে পুৰুষ ভোটাৰ ৮৪, ০৪৬ জন আৰু মহিলা ভোটাৰ ৮৫৮৮৬ গৰাকী আনহাতে মুঠ ভোটদান কেন্দ্ৰ সংখ্যা ১৯৪ টা।

ডিব্ৰুগড় লোকসভা সমষ্টিত এইবাৰ তিনি গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে, বিজেপি মিত্ৰজোটৰ হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্ব্বানন্দ সোণোৱালে, কংগ্ৰেছ মিত্ৰজোটৰ হৈ ‘কা’ আন্দোলনৰ জড়িতে সমগ্ৰ অসমতে জনপ্ৰিয়তা অৰ্জন কৰা যুৱ নেতা লুৰিনজ্যোতি গগৈয়ে, আৰু আম আদমী পাৰ্টীৰ হৈ প্ৰয়াত কংগ্ৰেছ নেতা তথা প্ৰাক্তন ডিগবৈ বিধায়ক ৰামেশ্বৰ ধানোৱাৰ পুত্ৰ মনোজ ধানোৱাৰে।বিশেষকৈ মাৰ্ঘেৰিটা সমষ্টিত তিনিও গৰাকী প্ৰাৰ্থীৰে এক শক্তিশালী গণভিত্তি আছে।সেইয়েহে সমষ্টিটোত কোন দল আগবাঢ়ি থাকে সেইয়া এতিয়াই কব পৰা নেযায়।সেইয়া ভোট গণনা পিছতহে স্পষ্ট হব।

পুনৰ মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মাই পুৱা ভাগতেই নিজৰ মৌলিক অধিকাৰ ভোটাধিকাৰ সাব্যস্ত কৰে।বিধায়ক ভাস্কৰ শৰ্মাই মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৪০ নং ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। বিধায়ক ভাস্কৰ শৰ্মাই মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৪০ নং ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বিপৰীতে ১০৬ নং চেগুনবাৰী প্ৰাথমিক বিদ্যালয়ৰ আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰত ভোট প্ৰদান ৰাজ্য সভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই। বিধায়ক ভাস্কৰ শৰ্মা শৰ্মা আৰু ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ভোটদান কৰি সাংবাদিক জানিবলৈ দিয়ে যে ৰাজ্য ৫ টা লোকসভা সমষ্টিতে বিজেপিয়ে জয়লাভ কৰিব। বাতৰি যুগুত কৰা সময়লৈকে মাৰ্ঘেৰিটা ভোটদানৰ হাৰ ৭৩.০৮ %।(ফটোসহ)

Leave A Reply