Breaking

ধোৱাংখাইতি মধ্য ইংৰাজী বিদ্যালয়ত প্ৰাচীৰ পত্ৰিকা উন্মোচন   

0 244

লাহৰিঘাট শিক্ষা খন্ডৰ অন্তৰ্গত ধোৱাংখাইতি মধ্য ইংৰাজী বিদ্যালয়ত প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে লাহৰিঘাট খন্ডপ্ৰাথমিক শিক্ষা বিষয়া আবুল কাশেমে লগতে সহযোগ কৰে বিদ্যালয় সহ পৰিদৰ্শক ছফিকুল ইছলাম আনছাৰিয়ে আদৰ্শ মাৰ্কাজ একাডেমি টেঙাগুৰীৰ ইংৰাজী শিক্ষক মফিজুদ্দিন আহমেদেও অনুষ্ঠানটিত যোগদান কৰে।

 বিদ্যালয়ৰ প্ৰধান শিক্ষক মকবুল হুছেইনৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয় বিদ্যালয়ৰপ্ৰেক্ষাগৃহত। অতিথি দুয়োজনক আদৰণী জনোৱা হয় অনুষ্ঠিত হোৱা সভাত ।ছাত্ৰ – ছাত্ৰীৰ তথাসচেতন মহলৰ উপস্থিত সভাৰ গাম্ভিয্যতা বৃদ্ধি পায়। উল্লেখ্য যে এই বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীয়েজিলা কৃতী শিক্ষক বটাঁ আৰু ৰাজ্যিক কৃতী শিক্ষক বটাঁ লাভ কৰি বিদ্যালয়ৰ যথেষ্ট সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

বৰ্তমান সময়চোৱাত বিদ্যালয়ৰ শৈক্ষিক পৰিবেশ আটকধুনীয়া আৰু উন্নত বুলি জানিব পৰা যায়। মকবুল হুছেইনৰ এনে পদক্ষেপৰ বাবে শিক্ষা বিষয়া গৰাকীয়ে কয় যে ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীয়ে যথেষ্ঠ উপকৃত হ’ব আৰু সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত আগবাঢ়িবলৈ প্ৰেৰণা পাব । ভিতৰুৱা অঞ্চলত ছাত্ৰ- ছাত্ৰীৰ মাজত সৃজনীশীল মনোভাৱ গঢ় দিয়াত শিক্ষা বিষয়া গৰাকীয়ে ভূয়সী প্ৰশংসা কৰে প্ৰধান শিক্ষক জনে দীৰ্ঘদিন ধৰি ছাত্ৰ -ছাত্ৰীৰ উন্নতিকল্পে বহু প্ৰচেষ্টা চলায় আহিছে।

Leave A Reply