Breaking

বৃদ্ধ বয়সতো আপোনাৰ মগজু চোকা কৰি ৰাখিব বিচাৰে নেকি? দৈনিক এই ৫ টা বিধ জুচ খাবলৈ আৰম্ভ কৰক…

0 36

বাৰ্ধক্যৰ লগে লগে মগজুৰ কাৰ্যক্ষমতা ক্ৰমান্বয়ে কমিবলৈ আৰম্ভ কৰে। এয়া এক স্বাভাৱিক প্ৰক্ৰিয়া, তথাপিও আপুনি বুঢ়া বয়সতো মগজু চোকা কৰি ৰাখিব পাৰে। এই ৫ টা পানীয় অতি উপকাৰী বুলি প্ৰমাণিত হয় মগজু চোকা কৰি ৰাখিবলৈ।

বিলাহীক চকুৰ বাবে উপকাৰী বুলি গণ্য কৰা হয় যদিও মগজুৰ বাবেও ই অতি স্বাস্থ্যকৰ। বিলাহীত বিটা-কেৰটিনৰ পৰিমাণ বেছি থাকে। বিলাহীৰ ৰসে মগজুৰ কোষৰ প্ৰদাহ কমোৱাৰ লগতে স্মৃতিশক্তি বৃদ্ধি কৰিব পাৰে। দুদিনৰ মূৰে মূৰে গ্ৰহণ কৰিব পাৰে বিলাহীৰ ৰস।

খাদ্যৰ বাবে জামু অন্যতম স্বাস্থ্যকৰ খাদ্য। ই স্বাস্থ্য আৰু শৰীৰৰ প্ৰতিটো অংগৰ বাবে উপকাৰী। আচলতে ইয়াত এন্টি-ইনফ্লেমেটৰী, এন্টি-অক্সিডেন্ট থাকে যিয়ে শৰীৰক অক্সিডেটিভ ক্ষতিৰ পৰা ৰক্ষা কৰে। ইয়াত এন্থ’চাইনিন নামৰ উদ্ভিদৰ ৰাসায়নিক পদাৰ্থও থাকে, যিবোৰে স্মৃতিশক্তি বৃদ্ধি কৰে বুলি জনা যায়।

বীটৰ ৰসে ক্ষতিকাৰক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰাত সহায় কৰে। ইয়াত থকা নাইট্ৰেটে মগজুৰ ষ্ট্ৰোক আৰু ডিমেনচিয়াৰ সৈতে জড়িত ৰক্তচাপৰ সম্ভাৱনা হ্ৰাস কৰে। ইয়াৰ উপৰিও বীটে কোষৰ অক্সিজেন বৃদ্ধি আৰু ৰক্ত সঞ্চালন উন্নত কৰাত সহায় কৰে।


ডালিম এক শক্তিশালী এন্টিঅক্সিডেন্ট আৰু ই মগজুৰ কোষৰ ক্ষতিকাৰক ফ্ৰী ৰেডিকেলৰ প্ৰভাৱ হ্ৰাস কৰাৰ কাম কৰে। ৰেড ৱাইন আৰু গ্ৰীণ টিতকৈ ডালিমত এন্টিঅক্সিডেন্ট বেছি। দৈনিক ৰাতিপুৱা বা দুপৰীয়া ডালিমৰ ৰস গ্ৰহণে মগজুৰ স্বাস্থ্য সুৰক্ষিত কৰাত সহায়ক। দৰাচলতে কচু, বন্ধাকবি, ব্ৰকলিকে ধৰি সেউজীয়া শাক-পাচলিৰ লগতে ফ’লেট আৰু লুটিনৰ দৰে পুষ্টিকৰ উপাদান থকা শাক-পাচলিতো আইৰণ আৰু মেগনেছিয়ামৰ পৰিমাণ বেছি। এই সকলোবোৰ পুষ্টিকৰ উপাদানে মগজুৰ স্বাস্থ্য, জ্ঞানমূলক কাৰ্য্যকলাপ বৃদ্ধি কৰাত সহায় কৰে আৰু লগতে ইয়াক স্নায়ুৰ অৱক্ষয়ী সমস্যাৰ পৰাও ৰক্ষা কৰে।


Leave A Reply