Breaking

ক্ৰিকেট এৰি কেনেদৰে সময় কটাব বিচাৰে ‘দেশপ্ৰেমিক’ ধোনীয়ে?

0 26

আই পি এলৰ নিলামৰ অন্ত পৰিল। সকলোৰে দৃষ্টি এতিয়া মহেন্দ্ৰ সিং ধোনীৰ ওপৰত। তেওঁ কেনেকৈ খেলিব ? তেওঁৰ দলটো আকৌ আই পি এল চেম্পিয়ন হ’ব পাৰিবনে? এনে সকলো প্ৰশ্নই ভাৰতীয় ক্ৰিকেট মহলত প্ৰচাৰিত হৈছে । ক্ৰিকেট এৰিলে কি কৰি সময় কটাব মাহি ওৰফে এম এছ ধোনীয়ে ?

এনে এটা প্ৰশ্নকে বিশ্ব চেম্পিয়ন ভাৰতৰ অধিনায়কক সোধা হৈছিল। সেই প্ৰশ্নৰ উত্তৰত ধোনীয়ে ক’লে, “মই আগতে এই বিষয়ে ভবা নাছিলো । এতিয়াও ক্ৰিকেট খেলি আছো । আই পি এল খেলি আছো । ক্ৰিকেট এৰি কি কৰিম দেখা যাওক । সেনাবাহিনীৰ লগত অধিক সময় কটাব বিচাৰো । কাৰণ যোৱা কেইবছৰমানৰ পৰা সেনাবাহিনীৰ লগত সময় কটাব পৰা নাই ।”

ধোনীৰ দেশপ্ৰেমৰ কথা সকলোৱে জানে । পেৰা ৰেজিমেণ্টত প্ৰশিক্ষণ লৈছিল । আগ্ৰাত সেই প্ৰশিক্ষণৰ সময়ত তেওঁ পাঁচবাৰকৈ পেৰাচুটও চলাইছিল । তেনেদৰেই কোৱা হৈছে । ২০১১ চনত ধোনীয়ে সন্মানীয় লেফটেনেণ্ট কৰ্ণেল পদবী অবৈতনিকভাৱে লাভ কৰে ।

২০১৯ চনৰ বিশ্বকাপৰ সময়ত তেওঁৰ গ্ল’ভছত সেনাবাহিনীৰ ‘বলিদান’ স্মাৰক চিহ্ন দেখা গৈছিল । সেই সন্দৰ্ভত বহু চৰ্চা চলিছিল । ভাইৰেল হৈ পৰিছিল সেই ছবি ।

Leave A Reply