Breaking

হাতত বুম লৈ সাংবাদিকৰ ভূমিকাত ৱাৰ্নাৰৰ দুই কন্যা…

0 66

পুনৰ এবাৰ শিৰোনামলৈ আহিল ডেভিদ ৱাৰ্নাৰৰ নাম। কিন্তু এইবাৰ বাইশ গজত নিজৰ প্ৰদৰ্শনৰ বাবে নহয়। বৰঞ্চ তেওঁৰ দুগৰাকী ছোৱালীৰ বাবে। কাৰণ তেওঁৰ দুগৰাকী কন্যাই সাংবাদিকৰ ভূমিকা পালন কৰিছে। ৰবি শাস্ত্ৰীকো প্ৰশ্ন কৰা দেখা গৈছে।

ছবিৰ কেপচনত ডেভিদে লিখিছে, ‘ব্ৰেকিং! আইভী ৱাৰ্নাৰে এই গ্ৰীষ্মতে লাভ কৰিলে গৰম খবৰ।’ ডেভিদ ৱাৰ্নাৰৰ আই পি এল ফ্ৰেঞ্চাইজিয়ে ফটোখন শ্বেয়াৰ কৰিছে ।

তেওঁলোকে ইয়াৰ কেপচনত লিখিছিল, ‘ হেল্ল’ ডাড, নিলামৰ বাবে তুমি বাছনি কৰা নামবোৰ আমাক ক’বানে ?’ ৱাৰ্নাৰৰ কন্যাক হাতত বুম লৈ থিয় হৈ থকা দেখা গৈছে। বুমটো হাতত লৈ তেওঁ সাংবাদিকৰ কায়দাত দেউতাকৰ ওচৰলৈ গৈ এটা এটাকৈ টান টান প্ৰশ্ন সুধিলে ।

এই পিতৃ-কন্যাৰ আমেজপুৰ্ণ ভিডিঅ’ ভাইৰেল হ’ল ছ’চিয়েল মিডিয়াত ।

Leave A Reply