Breaking

সতৰ্কবাণী! এইকেইখন ৰাজ্যত আগন্তুক দিনত হ’ব ধাৰাষাৰ বৰষুণ…

0 2,286

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে শুকুৰবাৰে উত্তৰ-পূব ভাৰতৰ বহু অঞ্চলত অহা পাঁচদিনত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে, আনহাতে দেশৰ অন্যান্য প্ৰান্তত তাপ প্ৰবাহৰ পৰিস্থিতি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে। আই.এম.ডি বিভাগে কয় যে, অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, ছিকিম আৰু পশ্চিম বংগৰ হিমালয় অঞ্চলত ধাৰাসাৰ বৰষুণ হ’ব বুলি সতৰ্কবাণী কৰে। এক টুইটযোগে আইএমডিয়ে কয় যে, অহা পাঁচ দিনৰ ভিতৰত অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ বহু ঠাইত বৰষুণ হোৱাৰ সম্ভাৱনা। ১ এপ্ৰিলত নাগালেণ্ড, মণিপুৰ আৰু ৩ আৰু ৪ এপ্ৰিলত ছিকিম আৰু পশ্চিম বংগৰ বহু অঞ্চলত বৰষুণ হ’ব পাৰে। বতৰ বিভাগে শুকুৰবাৰে, দেওবাৰে আৰু সোমবাৰে অসম-মেঘালয়ৰ কিছু অংশত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী দিছে, আনহাতে অৰুণাচল প্ৰদেশত দেওবাৰে আৰু সোমবাৰে বৰষুণ হ’ব পাৰে।


আইএমডিয়ে লগতে পৰৱৰ্তী পাঁচ দিনত মধ্য প্ৰদেশ আৰু ৰাজস্থানৰ কিছু অংশত গৰম বতাহৰ আগজাননী দিছে। বতৰ বিভাগৰ মতে, শুকুৰবাৰে আৰু শনিবাৰে হিমাচল প্ৰদেশ, দক্ষিণ হাৰিয়ানা, দিল্লী, দক্ষিণ-পশ্চিম উত্তৰ প্ৰদেশ, গুজৰাট, বিদৰ্ভ, ছত্তীশগড়, ঝাৰখণ্ডত গৰম বতাহৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি, ২ আৰু ৩ এপ্ৰিলত তেলেংগানাৰ বহু ঠাইত গৰম বতাহ বলিব পাৰে। বতৰ বিভাগৰ মতে, পূব উত্তৰ প্ৰদেশ আৰু মধ্য মহাৰাষ্ট্ৰত গৰম বতাহৰ সম্ভাৱনা আছে। বতৰ বিভাগৰ মতে, এই বছৰৰ মাৰ্চ মাহত তাপমাত্ৰা যথেষ্ট বৃদ্ধি পাইছে আৰু যোৱা দহ বছৰত হোৱা তাপমাত্ৰাৰ ভিতৰত  ই সৰ্বাধিক। বতৰ বিজ্ঞানী মহেশ পালাৱাটে তেওঁৰ অফিচিয়েল টুইটাৰ একাউণ্টত কয় যে ২০২২ত দিল্লীত গড় ১৭.৬ ডিগ্ৰী নিম্নতম তাপমাত্ৰা বিগত ১০ বছৰত সৰ্বাধিক।

Leave A Reply