Breaking

জোনাইত জলসম্পদ মন্ত্ৰী পীষুজ হাজৰিকা৷ জোনাইৰ লালী চিয়াং নদীয়ে সৃষ্টি কৰা বান আৰু গৰাখহনীয়া অঞ্চল পৰিদৰ্শন৷ টিএমপিকেৰ স্মাৰকপত্ৰ প্ৰদান৷

0 2,090

অসম বিধানসভাৰ অধিবেশন সমাপ্ত হোৱাৰ পিছৰে পৰা গেৰুৱাদল নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বানপানী নিয়ন্ত্ৰণৰ বাবে যুদ্ধকালীন তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ সমষ্টিয়ে সমষ্টিয়ে জলসম্পদ মন্ত্রী পিযুষ হাজৰিকাই পৰিদৰ্শন কাৰ্য্যসূচী অব্যাহত ৰাখিছে৷ একেদৰে আজি জোনাই সমষ্টিৰ প্ৰতিবছৰে বানগ্ৰস্ত হোৱা অঞ্চলত উপস্থিত হয় জলসম্পদ, তথ্য- জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্রী পিযুষ হাজৰিকা৷ জোনাই সমষ্টিবাসীৰ প্ৰতি নিজ কৰ্তব্যক সৰোগত কৰি তথা ভাৰতীয় জনতা পার্টীৰ  “বানমুক্ত অসম”ৰ প্ৰতিশ্ৰুতিক কাৰ্যকৰী কৰাৰ উদ্দেশ্যে দুদিন ধৰি স্থানীয় বিধায়ক ভূবন পেগুৱে বিভিন্ন অঞ্চল পৰিদৰ্শন কৰাৰ পিছতে অসমৰ জলসম্পদ মন্ত্রী পিযুষ হাজৰিকাই লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডী, আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা তথা জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা আৰু অতিৰিক্ত মুখ্য অভিযন্তা তথা বিষয়ববীয়া সকলৰ সৈতে সমষ্টিৰ লালী চিয়াং নদীয়ে সৃষ্টি কৰা বান আৰু গড়াখহনীয়াৰ কবলত পৰা ঐৰাম ঘাট, বেৰাচাপৰি, বাহিৰ জোনাই, লুহিজান,তিনি মাইল ঘাট, চেঙা ঘাট আদি স্থানত মাথাউৰী পৰিদৰ্শন কৰাৰ লগতে বানপানীৰ সম্ভাৱনাপ্ৰবল অংশ সমূহ পৰিদৰ্শন কৰি এক আলোচনাত মিলিত হয়। মন্ত্রী গৰাকীয়ে বিভাগীয় কৰ্তৃপক্ষক অতিশীঘ্রে সমষ্টিখনক বানমুক্ত কৰাৰ বাবে সকলো যাবতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়ে৷ ইপিনে সদৌ মিচিং ছাত্ৰ সন্থা (টিএমপিকে)ৰ তৰফৰ পৰা বানপানী আৰু খহনীয়া ৰোধ কৰাৰ বাবে এক স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে পৰিভ্ৰমণ কালত মন্ত্ৰীগৰাকীক চেঙাজান ঘাটত লগ কৰি ধেমাজি জিলা গোর্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰাও সম্বৰ্ধনা জনোৱাৰ লগতে “অসমৰ গোর্খাৰ ঐতিহ্যৰ অন্বেষণ” কিতাপ এখন আগবঢ়াই ধেমাজিত বসবাস কৰা গোর্খা সকলৰ সমস্যাৰ অৱগত কৰে৷

Leave A Reply