Breaking

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোনৰ জল জীৱন আঁচনিৰ যোগেদি ২০২৪ চনৰ ভিতৰত প্ৰতিটো ঘৰতেই বিশুদ্ধ খোৱাপানী উপলব্ধ কৰাৰ ক্ষেত্ৰত আমি দায়বদ্ধ: মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

0 53

জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বৃহস্পতিবাৰে কার্বি আংলং জিলা আৰু পশ্চিম কার্বি আংলং জিলাৰ সাংসদ আৰু বিধায়কসকল, কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য আৰু কার্যবাহী সদস্যসকলৰ উপস্থিতিত জনস্বাস্থ্য কাৰিকৰী বিভাগ(PHED) আৰু জিলা জল আৰু স্বচ্ছতা অভিযান(DWSM)-ৰ সকলো বিষয়াৰ সৈতে এখন বৈঠকত অধ্যক্ষতা কৰে৷

এই বৈঠকত কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদ এলেকাত জলজীৱন মিছন আৰু স্বচ্ছ ভাৰত অভিযানৰ আঁচনিসমূহ ৰূপায়নৰ বিতং খতিয়ান লোৱাৰ লগতে মন্ত্ৰী বৰুৱাই এতিয়ালৈ সম্পূর্ণ ভাৱে ৰূপায়ন নোহোৱাকৈ ৰৈ যোৱা আঁচনি আৰু পদক্ষেপসমূহৰ পর্যালোচনা কৰি এক নির্দিষ্ট সময়ৰ ভিতৰত কাম সম্পূর্ণ কৰাৰ নির্দেশ দিয়ে।

উক্ত বৈঠকৰ ওপৰত সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি মন্ত্ৰী বৰুৱাই কয় যে “প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সপোনৰ জল জীৱন আঁচনি সফলভাৱে ৰূপায়নৰ ক্ষেত্ৰত আমাৰ চৰকাৰে তিব্ৰগতিত কাম আগবঢ়াই নিছে আৰু ২০২৪ চনৰ ভিতৰত প্ৰতিটো ঘৰতেই প্ৰতিদিনে ৫৫ লিটাৰ বিশুদ্ধ খোৱাপানী উপলব্ধ কৰিবলৈ আমি দায়বদ্ধ। উক্ত বিষয়ত কাউন্সিলৰ বিষয়ববীয়াৰ পৰা আৰম্ভ কৰি সাংসদ, বিধায়ক তথা পি আন আৰ ডি আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জেষ্ঠ বিষয়াৰ লগত আজি আলোচনা কৰি খুব সোনকালে কাম সমূহ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা হয়।”

ইয়াৰোপৰি আজিৰ এই বৈঠকত পানীৰ গুণাগুণ নিৰূপণ তথা আন আন যাৱতীয় বিষয়ৰ ওপৰত বিতং আলোচনা হোৱা বুলিও মন্ত্ৰী বৰুৱাই উল্লেখ কৰে।

কাৰ্বি আংলং যিহেতু এখন পাহাৰীয়া আৰু স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা পৰিচালিত জিলা, তেনেক্ষেত্ৰত জিলা খনৰ প্ৰয়োজনীয়তা অনুসৰি কামবোৰ আগুৱাই নিয়াৰ ক্ষেত্ৰতো এই বৈঠকত আলোচনা কৰা হয় বুলিও মন্ত্ৰী বৰুৱাই জানিবলৈ দিয়ে।

Leave A Reply