Breaking

‘সংকটৰ সময়ত আমি আপোনালোকৰ সৈতে আছো’: ৰাছিয়ালৈ সমবেদনা জনাই বাৰ্তা দিলে প্ৰধানমন্ত্ৰী মোদীয়ে…

0 27

ৰাছিয়াৰ কনচাৰ্ট হলত হোৱা আক্ৰমণত এতিয়ালৈকে ১১৫ গৰাকী লোক নিহত হৈছে। ।মস্কো কনচাৰ্ট হলত আক্ৰমণ চলাই ইছলামিক সন্ত্ৰাসবাদী সংগঠন আইছিছে ১১৫ গৰাকীৰো অধিক লোকক হত্যা কৰাৰ ঘটনাত হতবাক হৈ পৰিছে ভাৰত । আক্ৰমণৰ ঘটনাটোত আহত হৈছে শতাধিক লোক। এনে দুৰ্যোগৰ সময়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণক তীব্ৰ গৰিহণা দিছে। প্ৰধানমন্ত্ৰীয়ে শনিবাৰে তেওঁৰ এক্স-হেণ্ডেলত বন্ধু দেশ ৰাছিয়াৰ প্ৰতি সহমৰ্মমিতা প্ৰকাশ কৰি এটা পোষ্ট কৰিছে। মোদীয়ে তেওঁৰ বাৰ্তাত লিখিছে- “মস্কোৰ মাজভাগত সংঘটিত এই ঘৃণনীয় সন্ত্ৰাসবাদী আক্ৰমণক আমি তীব্ৰ গৰিহণা দিছো। ভুক্তভোগী সকলৰ পৰিয়ালৰ প্ৰতি আমাৰ সমবেদনা জনাইছো। এই দুখৰ সময়ত ভাৰত ৰাছিয়াৰ চৰকাৰ আৰু ৰাছিয়াৰ জনসাধাৰণৰ সৈতে থিয় দিছে। আমি তেওঁলোকৰ প্ৰতি সহানুভূতিশীল।” উল্লেখ্য ভাৰতো সন্ত্ৰাসবাদৰ ভুক্তভোগী হৈছে। পাকিস্তানৰ সমৰ্থিত জেহাদী বাহিনীয়ে কেইবা দশক ধৰি সক্ৰিয় হৈ আছে। জম্মু-কাশ্মীৰক আইএছআইৰ পুতলা সংগঠন যেনে লস্কৰ-ই-তৈবা, জৈশ-ই-মহম্মদ আৰু হিজবুল মুজাহিদীনে বাৰে বাৰে ৰক্তপাত ঘটাই আহিছে। আল কায়েদা আৰু ইছলামিক ষ্টেটও শেহতীয়া বছৰবোৰত দেশখনত সক্ৰিয় হৈ আছে। গতিকে ভাৰতে সন্ত্ৰাসবাদী আক্ৰমণৰ বেদনা আৰু ভয়াৱহতা দুয়োটাই জানে।

সেই অভিজ্ঞতাৰ পৰাই মোদীয়ে এই সংকটৰ সময়ত বন্ধু দেশ ৰাছিয়াৰ প্ৰতি এই বাৰ্তা দিছে।ইফালে, মস্কো কনচাৰ্ট হলৰ আক্ৰমণত নিহতৰ সংখ্যা বৃদ্ধি পাইছে। এতিয়ালৈকে কমেও ১১৫ জন লোকে প্ৰাণ হেৰুৱাইছে। নিহতৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয় ইউনিয়নকে ধৰি আন দেশসমূহে এই ঘটনাক গৰিহণা দিছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে এই আক্ৰমণক “জঘন্য আৰু কাপুৰুষালি” বুলি অভিহিত কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওচৰত ইতিমধ্যে তথ্য আছিল যে সন্ত্ৰাসবাদীয়ে মস্কোত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে। এই মাহৰ আৰম্ভণিতে মস্কোত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসে এই সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছিল।

চুইডেনেও একেই সতৰ্কবাণী জাৰি কৰিছিল। শুকুৰবাৰে নিশা সন্ত্ৰাসবাদীয়ে মস্কো চহৰৰ ওচৰৰ ক্ৰাকাছ মিউজিক হল নামৰ এটা প্ৰেক্ষাগৃহত আক্ৰমণ কৰিছিল। খবৰ অনুসৰি তিনিজন সন্ত্ৰাসবাদীয়ে দৰ্শক হিচাপে কনচাৰ্ট হলত প্ৰৱেশ কৰিছিল। ‘পিকনিক’ নামৰ এটা বেণ্ডৰ অনুষ্ঠান উপভোগ কৰিবলৈ তাত বহু লোক তাত সমবেত হৈছিল। কাৰ্যসূচী আৰম্ভ হোৱাৰ লগে লগে আক্ৰমণকাৰীসকলে নিৰ্বিচাৰে গুলীবৰ্ষণ আৰম্ভ কৰিছিল। গ্ৰেনেডো নিক্ষেপ কৰা হৈছিল। এই আক্ৰমণ কমেও ১৫ ৰ পৰা ২০ মিনিট চলিছিল।

Leave A Reply