Breaking

আয়তকৈ অধিক সম্পত্তিঃ পত্নীসহ তিনি বছৰৰ কাৰাদণ্ডৰে দণ্ডিত তামিলনাডুৰ উচ্চ শিক্ষামন্ত্ৰী

0 29

আয়তকৈ অধিক সম্পত্তি আহৰণ কৰি বিপদত পৰিল তামিলনাডুৰ উচ্চ শিক্ষা মন্ত্ৰী কে পোনমুদি আৰু তেওঁৰ পত্নী। মন্ত্ৰী আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগত মাদ্ৰাজ উচ্চ ন্যায়ালয়ে তিনি বছৰৰ কাৰাদণ্ড বিহিছে। দম্পতীহালক ৫০ লাখ টকাৰ জৰিমনাও বিহা হৈছে। উপাৰ্জনতকৈ অধিক সম্পত্তি আহৰণ কৰাৰ বাবেই মন্ত্ৰী আৰু তেওঁৰ পত্নীক কাৰাদণ্ড বিহা হৈছে। দম্পতীহালৰ বিৰুদ্ধে প্ৰথম এজাহাৰ ২০০২ চনত পঞ্জীয়ন কৰা হৈছিল। অভিযোগ কৰা হৈছিল যে ১৯৯১ আৰু ২০০১ চনৰ ভিতৰত যেতিয়া ৰাজ্য খনত এআইএডিএমকে শাসনত আছিল, কে পোনমুদি আৰু তেওঁৰ পত্নীৰ সম্পত্তি তেওঁলোকৰ উপাৰ্জনৰ সৈতে অসামঞ্জস্যপূৰ্ণভাৱে বৃদ্ধি পাইছিল। দুয়োৰে বিৰুদ্ধে ১.৪ কোটি টকাৰ অসামঞ্জস্যপূৰ্ণ সম্পত্তি আহৰণৰ অভিযোগ উত্থাপন হৈছিল।


গোচৰটোত ৰায়দান কৰি ন্যায়াধীশ জি জয়চন্দ্ৰনে মন্তব্য কৰে, “আন কোনো বিভাগ নহয়, তেওঁ উচ্চ শিক্ষা বিভাগৰ দায়িত্বত আছিল। তেওঁ এনে কাৰ্যৰ দ্বাৰা ভৱিষ্যত প্ৰজন্মৰ ক্ষতি কৰিছে।’’ মন্ত্ৰীগৰাকীৰ অধিবক্তাই অনুৰোধ কৰিছিল যে ৭৩ আৰু ৬০ বছৰ বয়সৰ দুগৰাকী ব্যক্তিৰ বয়সৰ কথা বিবেচনা কৰি শাস্তি হ্ৰাস কৰিব লাগে। অৱশ্যে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে উচ্চতম ন্যায়ালয়ত এই ৰায়ৰ বিৰুদ্ধে আবেদন কৰিবলৈ ৩০ দিনৰ সময় বান্ধি দিছে। যদি তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপায়, তেন্তে আত্মসমৰ্পণ কৰিব লাগিব।এই ৰায়ে তামিলনাডুত জোকাৰণিৰ সৃষ্টি কৰিছে।

Leave A Reply