Breaking

গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ বয়নশিল্পত বিহুৱান বোৱাত ব্যস্ত শিপিনী

0 27

গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ বয়নশিল্পত বিহুৱান বোৱাত ব্যস্ত শিপিনী ।লক্ষ্য এহেজাৰখন বিহুৱান বৈ তোলাৰ ।
গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ বয়নশিল্পত কৰ্মৰত ৪০ গৰাকী  শিপিনীৰ যেন কৰ্ম ব্যস্ততাৰ সীমা নাই। পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ অহৰহ ভাবে ব্যস্ত বিহুৱান বোৱাত।

সম্প্ৰতি ব’হাগৰ ৰঙালী বিহুলৈ  ৩০০খন বিহুৱান বৈ তোলাৰ পিছত আৰু এহেজাৰখন গামোচা বৈ তোলাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।এই গামোচা সমূহ ছিপাঝাৰৰ তথা দৰং জিলাৰ লগতে গুৱাহাটীৰো বজাৰ দখলৰ লক্ষ্য লোৱা হৈছে।দুশ টকাৰ পৰা বিহুৱান গামোচাৰ মূল্য পৰিব।ফুল হিচাপে মূল্য কম বেছি হ’ব বুলি শিপিনী সকলে জানিব দিয়ে। সন্ধিয়া কাম সামৰি সকলোৱে মুকলি বিহুৰো চলায় আখৰা ।বিহু গীতো গায় সকলোৱে।ৰঙালী বিহুক আদৰাৰ যেন প্ৰৱল হেঁপাহ এই সকল প্ৰকল্পৰ বয়নশিল্পৰ শিপিনীৰ।

Leave A Reply